NORTHEAST NOW (Assamese)

দিচাং ৰজাবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড; স্ক্ৰু ড্ৰাইভাৰেৰে হানি খুচি হত্যা ট্ৰাক চালকক

February 3, 2021 7:35 pm · পার্শ্বজোতি গগৈ
ফটো: নৰ্থইষ্ট নাও।

শিৱসাগৰৰ দিচাং ৰজাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িওৱা ট্ৰাকৰ এজন চালকক নৃশংসভাৱে ভাৱে হত্যা কৰা হৈছে ৷

স্ক্ৰু ড্ৰাইভাৰেৰে হানি খুচি হত্যা ট্ৰাক চালক ইনামুল হুছেইনক ৷

বলিয়াঘাটৰ নিৱাসী ইনামূল হুছেইনে কালি নিশা দক্ষিণ মাহমৰাত চাউল নমাই উভতি অহাৰ পথত দিচাং ৰজাবাৰীত সংঘটিত হয় লোমহৰ্ষক এই হত্যাকাণ্ড ৷

হত্যাকাণ্ড সংঘটিত হোৱাৰ প্ৰাক মুহূৰ্তত দুৰ্ভগীয়া ইনামুলে কৰিছিল এক বিস্ফোৰক মন্তব্য ৷

‘মোক যদি শেষ বাৰৰ বাবে চাবলৈ মন আছে তেন্তে মোলৈ ভিডিঅ কলিং কৰা ৷’ মৃত্যুৰ আগমুহূৰ্তত চালক পত্নী চালমালৈ ইনামুলে প্ৰেৰণ কৰিছিল এই শেষ বাৰ্তা ৷

অন্তিম ফোনটোত এজন হত্যাকাৰীৰ নামো উল্লেখ কৰে দুৰ্ভগীয়া ইনামুলে ৷

হত্যাৰ প্ৰাক মুহূৰ্তত তেওঁ ললিতৰ নাম উল্লেখ কৰে ৷

নিশা প্ৰায় এঘাৰ বজাত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷

পৰিয়ালৰ লোকে শিৱসাগৰ সদৰ থানাত ললিত, হৰিকান্ত, পাপু, লাহণৰ নাম উল্লেখেৰে এখন এজাহাৰ দাখিল কৰিছে ৷

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুৰ্ভগীয়া ইনামুলে চলোৱা  এএচ ০১ এচি ১৬০৬ নম্বৰৰ খালি ট্ৰাকখন উদ্ধাৰ কৰাৰ লগতে এজন হত্যাকাৰীয়ে ব্যৱহাৰ কৰা এ এচ ০১ এচ  ৯৯৮৪ নম্বৰৰ ট্ৰাক দুখন জব্দ কৰিছে ৷

এই ঘটনাই শিৱসাগৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইনামুলৰ মৃতদেহ ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

ইপিনে,পত্নী চালমা বেগমে সংবাদ মাধ্যমৰ সন্মুখত বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৷

Related News