‘তেতিয়া মই ঐশ্বৰ্যক ধৰ্ষণ কৰাৰ সুযোগ পালোহেঁতেন…’, অভিনেতাৰ বিতৰ্কিত মন্তব্য

অভাৱনীয় বিতৰ্ক! কাৰণ? তামিল অভিনেতা ৰাধা ৰবিয়ে বিশ্ব সুন্দৰী তথা অভিনেত্ৰী ঐশ্বৰ্য ৰায়ক লৈ এনে এটা নিৰ্লজ্জ মন্তব্য কৰিলে, যিটোৱে সকলোকে স্তম্ভিত কৰি তুলিছে।

ঐশ্বৰ্য ৰায় বিগত কিছু দিনৰ পৰা চৰ্চাত আছে। অভিনেত্ৰীগৰাকী আৰু তেওঁৰ  শহুৰেকৰ পৰিয়ালৰ মাজৰ সম্পৰ্ক জটিল হৈয়েই আছে। দিনে দিনে ইজনে সিজনৰ পৰা দূৰত্ব বৃদ্ধি কৰিছে।

তাৰ মাজতে নতুন এক বিতৰ্কৰ সৃষ্টি কৰিছে তামিল অভিনেতা ৰাধা ৰবিয়ে।  যিসকলে তথাকথিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰে, তেওঁলোকে কিন্তু বহুতো ভিন্ন ভূমিকাত অভিনয় কৰে। বিশেষকৈ নায়িকাৰ সৈতে বিভিন্ন দৃশ্যৰ শ্বুটিং কৰিব লগা হয়।

লগতে পঢ়কঃ চাঞ্চল্য! শিক্ষকে দিয়া উঠা-বহা শাস্তিয়ে প্ৰাণ ল’লে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ

এনে পৰিপ্ৰেক্ষিতত অভিনেতা ৰাধা ৰবিয়ে এটা ভিডিঅ’ত মুকলিকৈ তেওঁৰ মাতৃভাষাত কেইটামান কথা কৈছে। কণ্ঠশিল্পী চিন্ময়ী শ্ৰীপাদাই ছচিয়েল মিডিয়াৰ জৰিয়তে সেই বাৰ্তা দেশবাসীলৈ প্ৰেৰণ কৰিছে। তেওঁ নিজেই সেই মন্তব্য ইংৰাজীলৈ অনুবাদ কৰিছে.. অভিনেতাজনে কয়…

‘’তেতিয়া যদি হিন্দী জানিলোহেঁতেন তেতিয়াহ’লে ঐশ্বৰ্যক ধৰ্ষণ কৰাৰ সুযোগ পালোহেঁতেন। অৰ্থাৎ মই ক’ব খুজিছোঁ যে মোক এনে এটা চৰিত্ৰত অভিনয় কৰাৰ সুযোগ দিয়া হ’লহেঁতেন। তেতিয়াহ’লে, এই তামিল চিনেমাৰ ঠেৰুহীনবোৰৰ সৈতে মই কিয় অভিনয় কৰিলোহেঁতেন?’’

লগতে পঢ়কঃ৩২ টা নহয়, আছে ৩৮ টা দাঁত! গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ অধিকাৰী হ’ল ভাৰতীয় মহিলা

আৰু কণ্ঠশিল্পীগৰাকীয়ে এই ঘটনাটো লক্ষ্য কৰে। অভিনেত্ৰীগৰাকীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘’এই ভিডিঅ’টো চালে বুজিব যে তামিল মানুহজনে বৰকৈ হাঁহিছে, বিষয়টো যেন বৰ আমোদজনক। এই মানুহজন তামিল চিনেমাৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি। তথাপিও তেওঁ কেনেদৰে ঐশ্বৰ্য ৰায়ৰ ধৰ্ষণ কাণ্ড সম্পৰ্কীয় মন্তব্য কৰিলে? কিয় এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই? ভাবিলে আচৰিত লাগে।‘’

ৰাজহুৱা স্থানত কোনো তাৰকাৰ কথা, বিশেষকৈ এগৰাকী মহিলাক লৈ এনে কথা! কিয়? কিহৰ বাবে? তাৰপিছতো তেওঁ কিয় শাস্তি নাপাব? কণ্ঠশিল্পীগৰাকীয়ে সৰৱ হৈ পৰিছে।