NORTHEAST NOW (Assamese)

কলিয়াবৰত বিৰল প্ৰজাতিৰ গ্ৰীন ভাইপাৰ সাপ উদ্ধাৰ (ভিডিঅ’ চাওক)

September 24, 2018 9:13 pm · ৰিদিপ শৰ্মা
Updated: September 24, 2018 9:30 pm
কলিয়াবৰত উদ্ধাৰ কৰা গ্ৰীন ভাইপাৰ সাপটো।

আজি কলিয়াবৰৰ শিলঘাটত সঞ্জীৱ ডেকা নামৰ সাপ ধৰা যুৱকজনৰ সহায়ত স্থানীয় ৰাইজে এডাল বিৰল প্ৰজাতিৰ সেউজীয়া সাপ ধৰে আৰু পিছত সাপটোক হাবিত মেলি দিয়া হয়। এই পৰ্য্যন্ত বহু ঠাইত বহু সংখ্যক সাপ ধৰা সঞ্জীৱ ডেকাই সাপটো গ্ৰীন ভাইপাৰ বুলি জানিবলৈ দিছে।

জানিব পৰামতে, কলিয়াবৰৰ শিলঘাটৰ ৰঞ্জু দে’ নামৰ লোক এজনৰ গাধোৱা ঘৰত গৃহস্থই আজি এডাল বিৰল প্ৰজাতিৰ সেউজীয়া ৰঙৰ বিষাক্ত সাপ দেখা পায়। লগে লগেই পৰিয়ালৰ লোকে শিলঘাটৰ স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাক সাপ ওলোৱা খবৰ দিয়ে। খবৰ পোৱা মাত্ৰকে সঞ্জীৱ ডেকাই মানুহ ঘৰলৈ গৈ কৌশল প্ৰয়োগ কৰি সাপডাল উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে সাপ ধৰি ভাল পোৱা এই যুৱক জনে বিগত ২০০০ চনৰ পৰা কলিয়াবৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত বহুতো সাপ ধৰি বহু পৰিয়ালক বিপদৰ পৰা ৰক্ষা কৰিছে আৰু সাপকো মানুহৰ পৰা বচাই আহিছে।

আজি উদ্ধাৰ কৰা গ্ৰীন ভাইপাৰ সাপডাল অতি বিষাক্ত বুলি তেওঁ কোৱাৰ লগতে সচৰাচৰ এইবিধ সাপ গছৰ ডালতহে থাকে বুলি কয়। সাপডাল ধৰি সঞ্জীৱে শিলঘাটৰ কামাখ্যা পাহাৰত মুকলি কৰি দিয়ে।

Related News