জীৱন-মৃত্যুৰে যুঁজিছে প্ৰতিভাৱান এজন যুৱকে : সুহৃদজনৰ অকণমান সহায়ৰ প্ৰয়োজন

gogoi

চিকিৎসাধীন সোমনাথ গগৈ। ফটো : ফেচবুক

চলচ্চিত্ৰ জগতত কাম কৰাৰ অলেখ সপোন লৈ অধ্যয়নত ব্ৰতী হৈ থকা এজন প্ৰতিভাৱান ছাত্ৰই সম্প্ৰতি জীৱন-মৃত্যুৰে যুঁজি আছে। এক ভয়াৱহ দুৰ্ঘটনাত পতিত হৈ ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ছাত্ৰজন।

ছাত্ৰজন লখিমপুৰ জিলাৰ আজাদৰ সোমনাথ গগৈ। কলকাতাৰ সত্যজিৎ ৰায় ফিল্ম এণ্ড টিলিভিশ্যন ইনষ্টিটিউটত ছাউণ্ড ৰেক’ৰ্ডিং এণ্ড ডিজাইনিঙৰ স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি আছে সোমনাথে।

যোৱা ২৮ মে’ত গৃহ চহৰ লখিমপুৰতেই দুৰ্ঘটনাত পতিত হয় সোমনাথ গগৈ। তাৰ পাছৰে পৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত ভেন্টিলেশ্যনত ৰখা হৈছে মেধাৱী ছাত্ৰজনক। চিকিৎসকে জানিবলৈ দিয়া মতে তেওঁ মগজু আৰু হাঁওফাওত গুৰুতৰভাৱে আঘাত পাইছে। ইয়াৰ উপৰিও তেওঁৰ এখন ভৰিও ভাঙিছে।

ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত সোমনাথ গগৈ।

পিতৃহীন সোমনাথৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন হৈছে যথেষ্ট ধনৰ। যিটো বহন কৰাতো সাধাৰণভাৱে চলি থকা তেওঁৰ পৰিয়ালৰ বাবে অসম্ভৱস্বৰূপ হৈ পৰিছে। তেওঁৰ একাংশ বন্ধু-বান্ধৱীয়ে কিছু সহায় কৰিছে যদিও সেয়া পৰ্য্যাপ্ত হোৱা নাই।

সোমনাথৰ বন্ধু মহৰ্ষী কাশ্যপে নৰ্থ-ইষ্ট নাওক কয়, ‘’সোমনাথৰ স্বাস্থ্যৰ অৱস্থা সামান্য ভালৰ ফালে আহিছে যদিও চিকিৎসকে এতিয়াও তেওঁক বিপদমুক্ত বুলি কোৱা নাই। তেওঁৰ চিকিৎসাৰ ব্যয় এতিয়া বাঢ়ি আহিছে, যিটো তেওঁৰ মাতৃ আৰু পৰিয়াল বৰ্গই বহন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এতিয়া কোনো লোকে যদি সহায় কৰিবলৈ আগবাঢ়ি আহে সেয়া সোমনাথৰ বাবে এক ডাঙৰ উপকাৰ হ’ব।‘’

উল্লেখ্য যে, সোমনাথে সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ ছাউণ্ড ৰেকৰ্ডিং এণ্ড ডিজাইনিঙৰ বিগত বৰ্ষৰ পৰীক্ষাত প্ৰতিষ্ঠানখনৰ ভিতৰতেই দ্বিতীয় স্থান লাভ কৰিছিল। তাৰ বাবে তেওঁ জলপানি লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ শেহতীয়াভাৱে বিদেশত অধ্যয়নৰ বাবেও নিৰ্বাচিত হৈছিল।

ইতিমধ্যে কেইবাখনো চুটি ছবিত শব্দৰ কাম কৰি নিজৰ প্ৰতিভাৰ উমান দিছিল সোমনাথে। চলচিত্ৰ ক্ষেত্ৰখনত কাম কৰাৰ বাবে মনত পুহি ৰখা হেঁপাহক এই আকস্মিক দুৰ্ঘটনাই সাকাৰ ৰূপ দিয়াৰ ক্ষেত্ৰত এতিয়া হেঙাৰ হৈ ঠিয় দিছে।

কোনো সদাশয় লোক বা দল-সংগঠনে যদি সোমনাথক সহায় কৰিব বিচাৰে তেনেহ’লে ৯১২৭১-১০৩১৯ নম্বৰত যোগাযোগ কৰিব পাৰে।  ইয়াৰ উপৰিও আৰ্থিকভাৱে সহায় কৰিবলৈ তেওঁৰ একাউন্ট নম্বৰ তলত দিয়া হ’ল।

ভাৰতীয় ষ্টেট বেংকৰ একাউন্ট নম্বৰঃ 20185477528, IFSC- SBIN0015768। নাইবা 9127110319 নম্বৰত গুগুল পে’ যোগে তেওঁলৈ আৰ্থিকভাৱে সহায় আগবঢ়াব পাৰে। কাৰোবাৰ অকনমান সহায়ে সোমনাথৰ জীৱনত আশাৰ সঞ্চাৰ কৰিব পাৰে।