NORTHEAST NOW (Assamese)

সমাধানত ব্যৰ্থ চৰকাৰ! উৰুকাৰ দিনাই বেতন বঞ্চিত শিক্ষকৰ আত্মহত্যা

January 15, 2019 7:34 am · এন ই নাও নিউজ

বাক্সা জিলাৰ বৰবড়ী আৰক্ষী থানাৰ অন্তৰ্গত বাটাছাৰা গাঁৱৰ এজন শিক্ষকে মাঘ বিহুৰ উৰুকাৰ দিনাই আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ অহাত এতিয়া শিক্ষক সমাজৰ লগতে উক্ত অঞ্চলবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা অনুসৰি চন্দ্ৰ বড়ো (৪৬) নামৰ শিক্ষকজনে বহু দিনৰে পৰা মানসিক অশান্তিত ভুগি আছিল। আৰু অৱশেষত সোমবাৰে তেওঁ ঘৰৰ চৌহদতে বিহ খাই আত্মহত্যা কৰে।

উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা বেতন অবিহনে শিক্ষকতা কৰি অহা চন্দ্ৰ বড়োৱে পৰিয়াল পোহপালৰ বাবে বিভিন্ন লোকৰ পৰা টকা ধাৰলৈ লৈছিল। আৰু সেই ধাৰ সমূহ সময়ত পৰিশোধ কৰিব নোৱাৰাত বিভিন্ন সমস্যাই দেখা দিয়ে। আৰু এই সমস্যা সমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবেই এনে চৰম কাণ্ড সংঘটিত কৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

‘১৯৯৯ চনতে ১ নং বাটাছাৰা প্ৰাথমিক বিদ্যালয়ত বড়োক নিযুক্তি দিয়া হৈছিল। কিন্তু লক্ষ্যণীয়ভাৱে ২০০১ চনত বি টি চি প্ৰশাসনে চন্দ্ৰ বড়োহতৰ নিযুক্তি অবৈধ আখ্যা দিয়ে’। এইদৰে কয় এজন স্থানীয় ব্যক্তিয়ে।

ইয়াৰ উপৰি ব্যক্তিজনে কয়, ‘বড়োৱে যোৱা ১৮টা বছৰ বিনা বেতনে শিক্ষকতা কৰি আহিছিল। সেয়ে তেওঁ বিভিন্ন সময়ত আৰ্থিক সমস্যাত ভোগা পৰিলক্ষিত হৈছিল আৰু শেষ পৰিণতি হিচাপে তেওঁ আত্মহত্যাৰ দৰে চৰম পন্থা বাচি ল’বলৈ বাধ্য হয়’।

Related News