NORTHEAST NOW (Assamese)

বিশ্বনাথত জিলা প্ৰশাসনৰ অভিযানত পুনৰ বৃহৎ পৰিমাণৰ গুটখা সামগ্ৰী জব্দ

May 1, 2020 2:55 pm · কাজি জেইদুল ইছলাম
ফটো : নৰ্থ-ইষ্ট নাও

বিশ্বনাথত গুটখা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে জিলা প্ৰশাসনৰ অভিযান। জিলাখনত নিষিদ্ধ ঘোষণা কৰাৰ পিছৰে পৰা গুটখা জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে চোকা নজৰ ৰাখিছে জিলা প্ৰশাসনে।

আজিও জিলাখনৰ একাধিক ঠাইত অভিযান চলাই জিলা প্ৰশাসনে প্ৰায় ৮০ হাজাৰ টকাৰ এনে নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে।

বিশ্বনাথ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বিশ্বজিৎ শইকীয়া, আবকাৰী পৰিদৰ্শক শৰৎ তিমুং আৰু খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ পৰিদৰ্শক ভবেন কুমাৰৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে জিলাখনৰ পাভৈ ৰ’ডত থকা কিশোৰ ট্ৰেডিং আৰু দৈনিক বজাৰৰ আশীষ পাল ষ্ট’ৰত অভিযান চলাই এই সামগ্ৰী সমুহ জব্দ কৰে।

অভিযানকাৰী দলটোৱে ব্যৱসায়ী কেইজনৰ পৰা কমলা পচন্দ, চিখৰ, জৰ্দা, গ’ল্ড লাইন, বিমল আদিৰ পেকেট জব্দ কৰে। জিলাখনৰ প্ৰতি ঠাইতে এনে নিষিদ্ধ ঘোষিত সামগ্ৰী সমুহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে দেশত চলি লকডাউনৰ সময়ত যাতে জিলাখনৰ কোনো ব্যৱসায়ীয়ে গুটখা, ধপাত, পানমছলা জাতীয় সামগ্ৰীৰ বিক্ৰী তথা ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে যোৱা ১৭ এপ্ৰিলত বিশ্বনাথ জিলা দণ্ডাধীশে এক নিৰ্দেশ যোগে নিষেধাজ্ঞা আৰোপ কৰিছিল।

Related News