দলবদ্ধ ধৰ্ষণৰ বলি নাবালিকা! পৰিত্যক্ত বাংলোত নাৰকীয় যৌন নিৰ্যাতন; ৮ জনক গ্ৰেপ্তাৰ

প্রতিনিধিত্বমূলক ফটো।

Teenage girl gangraped by eight men মহাৰাষ্ট্ৰৰ পালঘৰৰ ওচৰৰ এখন গাঁৱত এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। বাতৰি অনুসৰি, ছোৱালীজনীক আঠজন লোকে যৌন নিৰ্যাতন চলাইছিল। আৰক্ষীয়ে আঠজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ছোৱালীজনীক এটা নিৰ্জন বাংলোত দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। ছোৱালীজনীক তেতিয়া বাংলোৰ পৰা সাগৰৰ পাৰলৈ লৈ যোৱা হৈছিল। তাতো তাইক নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছিল।

লগতে পঢ়ক: বাসগৃহত জুই, পিতৃ-মাতৃৰ চকুৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু প্ৰবাসী ভাৰতীয় মহিলা ব্যৱসায়ীৰ

ঘটনাটো দেওবাৰে সংঘটিত হৈছে। ছোৱালীজনীক ১৬ ডিচেম্বৰত মাহিমৰ এটা পৰিত্যক্ত বাংলোলৈ লৈ যোৱা হৈছিল। ছোৱালীজনীয়ে অভিযোগ কৰিছিল যে সেইদিনা ৰাতিপুৱা ৮ বজাৰ পৰা তাই অকথ্য অত্যাচাৰৰ সন্মুখীন হ’ব লগা হৈছিল। পিছদিনা ৰাতিপুৱা ১০ বজালৈকে চলিছিল সেই নিৰ্যাতন।

সেয়াই নহয়, তাই আৰু অভিযোগ কৰিছে যে তাইক বলপূৰ্বক সাগৰলৈ লৈ যোৱা হৈছিল। তাইক এক জংঘললৈ লৈ যোৱা হৈছিল আৰু ধৰ্ষণ কৰা হৈছিল। নাবালকিকাগৰাকীৰ অভিযোগ যে তাইক একাধিকবাৰ ধৰ্ষণ কৰা হৈছিল।

নাবালিকাৰ অভিযোগৰ ভিত্তিত একাধিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ৩২৩, ৩৪২, ৩৬৬ (এ), ৩৭৫ (ডি) ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছে।

লক্ষণীয় যে এই নাৰকীয় ধৰ্ষণৰ ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, ছোৱালীজনীক ১২ ঘণ্টাতকৈও অধিক সময় ধৰি ধৰ্ষণ কৰা হৈছিল।

লগতে পঢ়ক: সকলো যন্ত্ৰণা আজি শেষ! বিশ্বকাপ জয়ৰ পিছত নিজৰ অনুভৱ ব্যক্ত কৰি আৰু কি ক’লে মেছিয়ে?

ইপিনে, মধ্যপ্ৰদেশৰ ভূপালতো একে ধৰণৰ ঘটনা সংঘটিত হৈছে। তাত এগৰাকী নাবালিকাক এখন অটো ৰিক্সাত তুলি নি ধৰ্ষণ কৰা হৈছিল।অভিযোগ কৰা হৈছে যে ছোৱালীজনীক অঞ্চলটোৰ এখন হোটেললৈ লৈ যোৱা হৈছিল আৰু ধৰ্ষণ কৰা হৈছিল। ঘটনাটোত ছোৱালীজনীৰ চুবুৰীয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে।