NORTHEAST NOW (Assamese)

এপল’ হস্পিতাল গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে শিশুৰ হৃদৰোগ সম্বন্ধীয় স্বাস্থ্য শিবিৰ

November 25, 2018 12:58 pm · এন ই নাও নিউজ
Updated: November 25, 2018 7:04 pm

এপল’ হস্পিতাল, গুৱাহাটীত শনিবাৰৰ পৰা দুদিন ধৰি চেন্নাইস্থিত এপল’ হস্পিতালৰ বিশেষজ্ঞ সকলে শিশুসকলৰ হৃদৰোগ সম্বন্ধীয় এক বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছে। লগতে এপল’ চিলড্ৰেন্‌ছ হস্পিতালৰ উদ্যোগত শিশুৰ হৃদপিণ্ড সুৰক্ষাৰ বাবে এখন আঁচনিও গ্ৰহণ কৰিছে।

১৬ বছৰৰ তলৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিশু ৰোগীৰ হৃদপিণ্ডৰ কোনো বিসংগতিৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’লে সেই অস্ত্ৰোপচাৰ চেন্নাইস্থিত এপল’ চিলড্ৰেন হস্পিতালত সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়োৱা হ’ব বুলি এপল’ হস্পিতালৰ শিশু হৃদৰোগ বিশেষজ্ঞ ডাঃ চি এছ মুথুকুমাৰনে জানিবলৈ দিয়ে।

চেন্নাইস্থিত এপল’ চিলড্ৰেন্‌ছ হস্পিতালৰ উদ্যোগত এপল’ হস্পিতাল গুৱাহাটীৰ সহযোগত গুৱাহাটীত আয়োজিত সংবাদ মেলত এপল’ হস্পিতালৰ শিশু হৃদৰোগ বিশেষজ্ঞ ডাঃ নেভিল এ জি ছলমনে কয় যে, ‘আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিশুৰ হৃদৰোগ সম্বন্ধীয় যিকোনো সমস্যা, উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ কৰা, ছালৰ ৰং নীলা পৰা, খাবলৈ মন নকৰা, ওজন সঠিক নোহোৱা, বেছিকৈ ঘামি থকা, চেতনা হেৰুওৱা আদি সমস্যাত ভোগা ৰোগীৰ সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে এপল’ হস্পিতাল।’

সংবাদমেলত চেন্নাইস্থিত এপল’ হস্পিতালৰ উপাধ্যক্ষ সুদৰ্শন, গুৱাহাটী এপল’ হস্পিতালৰ শিশুৰোগ বিশেষজ্ঞ ডাঃ পূজা বেনাৰ্জী বৰুৱা আদি কেইবাজনো চিকিৎসক উপস্থিত থাকে।

Related News