ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ভাৰতত চলি থকা লকডাউনৰ সময়ত বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা দুখীয়া আৰ্তজনৰ কাষত ঠিয় দিছে অ’ এন জি চিৰ অসম সম্পদৰ সদৌ ভাৰত অনুসূচীত জাতি-জনজাতি কৰ্মচাৰী কল্যান সন্থা।
সন্থাটোৱে শিৱসাগৰৰ ৰাধীকা নগৰ, ৰুদ্ৰসাগৰ, জয়সাগৰৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰায় ৭০ টা পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।
প্ৰতিটো পৰিয়ালক চাউল, দাইল, আলু, পিয়াজ, মিঠাতেল, চাবোন আৰু চয়াবিন বিতৰণ কৰে সন্থাই।
সদৌ ভাৰত অনুসূচিত জাতি-জনজাতি কল্যান সন্থাৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীৰ নিজৰ দৰমহাৰ পৰা মাহেকীয়াকৈ জমা ৰখা পুঁজিৰে এই বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে।
সন্থাৰ অধ্যক্ষ পুনাৰাম মিলিৰ আহ্বান ক্ৰমে আজিৰ এই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত সম্পাদক জগত হাজৰিকা, দিপেন দাস, ডেম্বিৰাম পাংগিং, কল্যান দাস, গহীন বসুমতাৰী, তিলেশ্বৰ নেওগ, চন্দন দাস, দিগন্ত মেছ, মণিৰাম কছাৰী আৰু শৰৎ হাজৰিকাই অংশ গ্ৰহণ কৰে।