NORTHEAST NOW (Assamese)

এক ব্যতিক্ৰমী Birthday party; গছপুলিৰে আলহীক আতিথ্য

May 30, 2019 8:03 am · মৃদুল প্ৰীতম ডেকা

হত্যা-হিংসা-বোমা-ৰাজনীতিৰ কলুষিত বতাহ জাকৰ ভিৰত ভাল খবৰ বোৰ হেৰাই নাযায়। কংক্ৰিটৰ মহানগৰীত এটা পৰিয়ালে দেখুৱালে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন।

মহানগৰীত কেতিয়াও নোহোৱা এক পৰম্পৰা দেখিবলৈ পোৱা গ’ল গুৱাহাটীৰ ভেটাপাৰাৰ খেৰাকুছিত। বুধবাৰে খেৰাকুছিৰ এক জন্মদিনৰ আভ্যৰ্থনা অনুষ্ঠানত অতিথিক উপহাৰ হিচাপে দিয়া হ’ল একোটাকৈ গছপুলি।

সাৰংগ ভূঞা আৰু লোপামুদ্ৰা মহন্ত ভূঞাৰ একমাত্ৰ কন্যা আৰ্হিৰ ওপজা দিনত জাকজমকীয়া আয়োজনৰ মাজতে উক্ত বিশেষ কাৰ্যই আপ্লুত কৰিলে সকলোকে।

আভ্যৰ্থনা অনুষ্ঠানলৈ অহা প্ৰায় ৫ শতাধিক লোকৰ প্ৰত্যেককে দিয়া হ’ল একোটাকৈ গছপুলি। পতি-পত্নী দুয়োজনে আভ্যৰ্থনাৰ পৰা ওলাই যোৱা প্ৰতিজন লোকৰ হাতত গছপুলি এটা তুলি ঘৰত গৈ কোনোবা এডোখৰ ঠাই উলিয়াই পুলিটো ৰুবলৈ আহ্বান জনোয়। তেওঁলোকৰ আহ্বানৰ প্ৰতি প্ৰতিজন লোকেই আনন্দ মনেৰে সঁহাৰি জনাইছে।

কন্যাৰ ওপজা দিনৰ আভ্যৰ্থনাত সাৰংগ ভূঞা আৰু লোপামুদ্ৰা মহন্ত ভূঞাৰ এনে ব্যতিক্ৰমী পদক্ষেপক আদৰণি জনাইছে সকলোৱে।

Related News