• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

২৯ বছৰীয়া চৌদি আৰবৰ এজন ৰাজকুমাৰৰ লণ্ডনৰ এখন বিলাসী হোটেলত মৃত্যু হৈছে। অত্যাধিক পৰিমাণৰ সুৰা, পাৰ্টী ড্ৰাগছ আৰু চিকিৎসকে খাবলৈ দিয়া ঔষধ একেলগে সেৱন কৰাৰ ফলতেই তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2026 1:00 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৯ বছৰীয়া চৌদি আৰবৰ এজন ৰাজকুমাৰৰ লণ্ডনৰ এখন বিলাসী হোটেলত মৃত্যু হৈছে। অত্যাধিক পৰিমাণৰ সুৰা, পাৰ্টী ড্ৰাগছ আৰু চিকিৎসকে খাবলৈ দিয়া ঔষধ একেলগে সেৱন কৰাৰ ফলতেই তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাজকুমাৰজনৰ নাম আছিল আব্দুল্লাহ বিন ফাহাদ বিন আব্দুল্লাহ বিন আব্দুলআজিজ বিন জলাৱি আল চৌদ। যোৱা ২৫ নৱেম্বৰত লণ্ডনৰ কেনচিংটনৰ মেৰিয়ট নামৰ বিলাসী হোটেলখনৰ নিজৰ কোঠাত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

আদালতত উপস্থাপন কৰা তথ্য অনুসৰি, ৰাজকুমাৰ আব্দুল্লাহ যোৱা ১৯ নৱেম্বৰত প্ৰতি নিশাত প্ৰায় ৬০,০০০ টকা (৬০০ ইউৰো) ভাড়াত এই বিলাসী হোটেলখনত এসপ্তাহৰ বাবে থাকিবলৈ আহিছিল। মৃত্যুৰ আগদিনা সন্ধিয়া তেওঁক চিচিটিভি কেমেৰাত শেষবাৰৰ বাবে চিগাৰেট খাবলৈ বাহিৰলৈ ওলাই অহা দেখা গৈছিল। পিছদিনা হোটেলৰ চাফাই কৰ্মী এজনে তেওঁৰ কোঠাত সোমাই বাথৰুমৰ মজিয়াত তেওঁক কাপোৰ পিন্ধি থকা অৱস্থাতেই বাগৰি পৰি থকা দেখা পায়। লগে লগে জৰুৰীকালীন সেৱাক খবৰ দিয়া হৈছিল যদিও স্বাস্থ্যকৰ্মীৰ দলে তেওঁক বচাব নোৱাৰিলে আৰু থিতাতে তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হয়।

Apply Now

মৃত্যুৰ পিছত কৰা পৰীক্ষাত পোহৰলৈ আহে যে ৰাজকুমাৰজনৰ তেজত অত্যাধিক পৰিমাণৰ সুৰা আছিল, যিটো ব্ৰিটেইনৰ আইনী মাত্ৰাতকৈ প্ৰায় তিনিগুণ বেছি। বিশেষজ্ঞসকলৰ মতে, কেৱল এই সুৰাৰ মাত্ৰাই এজন মানুহক ক‘মালৈ লৈ যাবলৈ যথেষ্ট। ইয়াৰ লগতে তেওঁৰ শৰীৰত জিএইচবি নামৰ এবিধ ভয়ংকৰ পাৰ্টী ড্ৰাগছ, ভাঙৰ অংশ আৰু মানসিক চাপ কমাবলৈ ব্যৱহাৰ কৰা কেইবাবিধো ঔষধৰ প্ৰমাণ পোৱা গৈছে। বিশেষজ্ঞসকলে স্পষ্ট কৰি দিছে যে এই সকলোবোৰ বস্তু একেলগে সেৱন কৰাৰ ফলতেই তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে আৰু তেওঁৰ মৃত্যু হয়।

আদালতত এই কথাও প্ৰকাশ পায় যে ৰাজকুমাৰগৰাকীয়ে আগৰে পৰাই সুৰা আৰু ঔষধৰ নিচাত আক্ৰান্ত আছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ যোৱা আগষ্ট মাহত এখন চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসাও গ্ৰহণ কৰিছিল আৰু সুস্থ হোৱাৰ দিশলৈ আগবাঢ়িছিল। অৱশ্যে, আৰক্ষী আৰু আদালতে তেওঁৰ মৃত্যুৰ আঁৰত কোনো আত্মহত্যাৰ সন্দেহ কৰা নাই। তেওঁৰ কোঠাত কোনো ছুইচাইড নোট পোৱা হোৱা নাই আৰু চিচিটিভি ফুটেজতো তেওঁ অকলশৰীয়া আছিল বুলি প্ৰমাণিত হৈছে। সেয়েহে আদালতৰ তৰফৰ পৰা ইয়াক এক দুৰ্ঘটনাজনিত মৃত্যু বুলি অভিহিত কৰা হৈছে। চৌদি আৰবৰ ৰাজকীয় দৰবাৰেও তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে আৰু ৰিয়াদৰ এখন মছজিদত তেওঁৰ জানাজা সম্পন্ন কৰা হ‘ব বুলি জানিবলৈ দিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd