NORTHEAST NOW (Assamese)

অভিযান সদ্ভাৱনাৰ অন্তৰ্গত ছিপাঝাৰ, খাৰুপেটীয়াত সেনাৰ চিকিৎসা শিবিৰ

December 28, 2018 8:07 pm · এন ই নাও নিউজ

‘অভিযান সদ্ভাৱনা’ৰ অন্তৰ্গত ভাৰতীয় সেনাৰ ৰেড হৰ্ন ডিভিজনৰ এটা য়ুনিটে ছিপাঝাৰ আৰু খাৰুপেটীয়াত আজি ২৮ ডিচেম্বৰ শুকুৰবাৰে এটা চিকিৎসা শিবিৰৰ আয়োজন কৰিছে। ভিতৰুৱা এলেকাত বাস কৰা চিকিৎসাৰ অভাৱত থকা লোকসকললৈ প্ৰয়োজনীয় চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ উদ্দেশেৰে এই চিকিৎসা শিবিৰৰ আয়োজন কৰিছে সেনাৰ য়ুনিটটোৱে। দৰং স্বাস্থ্য বিভাগৰ সহায়তাত এই চিকিৎসা শিবিৰটোৰ আয়োজন কৰা হৈছে। এই চিকিৎসা শিবিৰটোত অসামৰিক চিকিৎসকলৰ এটা দলেও চিকিৎসা সেৱা দান কৰিছিল।

এই চিকিৎসা শিবিৰত সৰ্বমুঠ ৬৮৭ গৰাকী ৰোগীলৈ চিকিৎসা সেৱা আগবঢ়োৱা হৈছিল। স্থানীয় জনসাধাৰণে এই চিকিৎসা শিবিৰটোলৈ বিপুল সঁহাৰি জনাইছে।

বিশেষভাৱে সক্ষম লোকসকলৰ বাবে তিনিচকীয়া, চকুৰ ৰোগীৰ বাবে চশমা, চকু আঁতৰোৱা ৰোগীৰ বাবে নকল চকু, বৃদ্ধৰ বাবে লাখুটী আৰু কাণেৰে কম শুনা সকলৰ মাজত শ্ৰৱণ সহায়ক যন্ত্ৰ আদি বিতৰণ কৰা হৈছিল।

এই চিকিৎসা শিবিৰতেই এটা ৰক্তদান শিবিৰ আৰু এটা এইডছ সজাগতা কাৰ্যসূচী ৰূপায়ন কৰাও হৈছিল আৰু জনসাধাৰণক এই ৰোগটো সম্বন্ধে সজাগ কৰোৱা হৈছিল।

Related News