বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি নগাঁৱৰ ৰূপহীহাটত উত্তপ্ত পৰিস্থিতি

VideoCapture_20190807-122233

ফটো : নৰ্থ-ইষ্ট নাও

নগাঁও জিলাৰ ৰূপহীহাটৰ ভেলুগুৰীত মঙলবাৰে নিশা এজন যুৱক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ব লগীয়া হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উত্তেজিত ৰাইজে মৃতদেহ লৈ নিশা ৰূপহীহাট আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে কি পৰিস্থিতিত যুৱক জনৰ মৃত্যু হ’ল তাৰো এক উচিত তদন্ত দাবী কৰি পৰিস্থিতি উত্তাল কৰি তোলে।

ক্ষুব্ধ ৰাইজৰ মতে ৰূপহীহাটৰ গেৰেকী গাৱঁৰ এমদাদুল ইছলাম নামৰ যুৱক জনক নিশা বিদ্যুৎ বিভাগৰ এগৰাকী ঠিকাদাৰে বিদ্যুতৰ তাঁৰ মেৰামতিৰ বাবে ঘৰৰ পৰা মাতি নিয়াৰ পিছত তাঁৰ মেৰামতি কৰি থকা অৱস্থাতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়।

যুৱকজনৰ মৃত্যুৰ বাতৰি পৰিয়ালক জনোৱাৰ বিপৰীতে ঠিকাদাৰ জনে এখন এম্বুলেঞ্চত যুৱক জনৰ মৃতদেহ ঘৰলৈ পঠিয়াই দিয়ে। ইয়াতেই ক্ষুব্ধ হৈ পৰা স্থানীয় ৰাইজে এমদাদুলৰ মৃতদেহটো ৰূপহীহাট আৰক্ষী থানালৈ আনি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

উল্লেখ্য যে, নিশা ৰূপহীহাটত বিদ্যুৎ যোগান ব্যাহত হোৱাৰ সময়ত বিদ্যুৎ কৰ্তন নকৰাকৈয়ে তাঁৰ মেৰামতিৰ চেষ্টা চলাইছিল যুৱকজনে। ঠিকাদাৰৰ নিৰ্দেশতেই নিশা বিপদজনক অৱস্থাত বিদ্যুতৰ খুটাত উঠি কাম কৰাৰ বাবেই যুৱক জনৰ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষীয়ে উচিত তদন্তৰ আশ্বাস দিয়াত নিশা পৰিস্থিতি শাম কাটে।