NORTHEAST NOW (Assamese)

লকডাউনৰ সময়ত আৰ্তজনৰ কাষত শিৱসাগৰৰ এজন গাঁওবুঢ়া

April 12, 2020 7:34 pm · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

প্ৰতি বছৰৰ দৰে এইবাৰ উলহ মালহেৰে পালন কৰিব পৰা নাযাব অসমীয়াৰ বাপোতিসাহোন ৰঙালী বিহু। কিয়নো দেশত ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে চলি আছে লকডাউন।

ইতিমধ্যে ১৯ টা দিন অতিক্ৰম কৰিলে লকডাউনে। দৰিদ্ৰ আৰু দিন হাজিৰা কৰা পৰিয়াল সমূহৰ মাজত এমুঠি খাদ্যৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

তেনে সময়তে আৰ্তজনৰ কাষত থিয় দিছে একাংশ সমাজ সচেতন ব্যক্তি।

আজি শিৱসাগৰৰ ৱগৰ মহল মৌজাৰ গাঁওবুঢ়া পলাশ প্ৰতিম গগৈয়ে সম্পূৰ্ণ নিজা খৰচেৰে চাউলকৰা, টেক্সি মঠাদাং, কমাৰফদিয়া গাঁৱৰ প্ৰায় ৬০ টা পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

বিহুৰ দিনা যাতে কোনো দৰিদ্ৰ পৰিয়ালে ভোকত থাকিব লগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ অধীনত থকা গাঁৱৰ ৰাইজৰ মাজত উৰুকাৰ দিনা খাদ্য সামগ্ৰী বিতৰণ কৰে বুলি জানিবলৈ দিয়ে।

প্ৰতিটো পৰিয়ালক চাউল, দাইল, আলু, পিয়াজ, বিস্কুত, কণী আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

উল্লেখ্য যে, ২০১৭ চনত মাত্ৰ ২৩ বছৰ বয়সত অসমৰ কনিষ্ঠ গাঁওবুঢ়া হিচাপে স্বীকৃতি লাভ কৰিছিল পলাশ প্ৰতীম গগৈয়ে।

গাঁওবুঢ়া হৈ সামান্য পাৰিশ্ৰমিক লাভ কৰা স্বত্তেও নিজ গাঁৱৰ দৰিদ্ৰ তথা দিন হাজিৰা কৰা পৰিয়াল সমূহক সামান্যতম সাহায্য আগবঢ়োৱা কাৰ্যক গাঁওবাসীয়ে প্ৰশংসা কৰে।

Related News