ব্লেকমেইল কৰি দিছিল বিবাহৰ প্ৰস্তাৱ : অতিষ্ঠ হৈ যুৱকক এচিডেৰে আক্ৰমণ মহিলাৰ

এগৰাকী বিবাহিত মহিলাক দীৰ্ঘদিনে ব্লেকমেইল কৰি ভয় ভাবুকিৰে বিবাহৰ প্ৰস্তাৱ দি হাৰাশাস্তি কৰি আহিছিল এগৰাকী মহিলাই। অৱশেষত অতিষ্ঠ হৈ ব্যক্তিগৰাকীৰ ওপৰত এচিড আক্ৰমণ কৰে মহিলাগৰাকীয়ে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক।

উত্তৰ প্ৰদেশৰ আলিগড়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

মহিলাগৰাকীয়ে দাবী কৰে যে বিবেক নামৰ লোকজনে তেওঁক ব্লেকমেইলিং কৰি বিবাহৰ প্ৰস্তাৱ দি আহিছিল। ৰেষ্টুৰেণ্ট এখনত দুয়োজনে লগ হৈ বিবাহ সম্পৰ্কে কথা-বতৰা পতাৰ সময়ত মহিলাগৰাকীয়ে তেওঁক এচিডেৰে আক্ৰমণ কৰে। এই আক্ৰমণত বিবেক আহত হয় আৰু আৰক্ষী অহাৰ আগতে পলায়ন কৰে।

ৰেষ্টুৰেণ্টখনৰ মেনেজাৰে নিশ্চিত কৰে যে মহিলাগৰাকীয়ে কয় যে বিবেকে তেওঁক বছৰ বছৰ ধৰি ব্লেকমেইলিং কৰি আহিছে, যাৰ বাবে তেওঁ এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।

সহকাৰী আৰক্ষী আয়ুক্ত মায়ংক পাঠকে জনোৱা মতে, তদন্ত অব্যাহত আছে আৰু আক্ৰমণৰ পিছত পলায়ন কৰা বিবেকক বিচাৰি উলিয়াবলৈ আৰক্ষীয়ে অভিযান চলাই আছে।