একেলগে ৫টা সন্তানৰ জন্ম দিলে এগৰাকী মহিলাই; সুস্থ আছে আটাইকেইটা নৱজাতক

প্রতিনিধিত্বমূলক ফটো।

এগৰাকী মহিলাই একেলগে ৫টা সন্তান জন্ম দিছে। ঝাৰখণ্ডৰ ৰাঁচীত সংঘটিত হৈছে এই ঘটনা। সোমবাৰে ৰাঁচীৰ ৰিমছ হাস্পতালত ৫টা সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে। চিকিৎসকে মাতৃ আৰু ৫টা নৱজাতক সুস্থ বুলি জানিবলৈ দিয়ে।

ৰাঁচী হাস্পতাল কৰ্তৃপক্ষই টুইট কৰি এই খবৰ প্ৰকাশ কৰিছে। মহিলাগৰাকী ঝাৰখণ্ডৰ চটাৰ অঞ্চলৰ বাসিন্দা। চিকিৎসক সচিবালা সিঙৰ তত্বাৱধানত প্ৰসৱ কৰে মহিলাগৰাকীয়ে।

চিকিৎসকে কয় যে নৱজাতকৰ ওজন কম। তেওঁলোকক এন আই চি ইউত ৰখা হৈছে। চিকিৎসকে শিশুকেইটাক পৰ্যবেক্ষণত ৰাখিছে।

লগতে পঢ়ক: জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগ! এগৰাকী প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াৰ এটা চিন্তা উদ্ৰেককাৰী পোষ্ট

অৱশ্যে একেলগে ৫টা সন্তান জন্ম দিয়া ঘটনাৰ খবৰটো প্ৰথম নহয়। ২০১৪ চনত মণিপুৰৰ এগৰাকী মহিলাইও ৫টা সন্তান জন্ম দিছিল। কিন্তু সেই সময়ত ৫ সন্তানৰ মাজত এগৰাকী কন্যাৰ মৃত্যু হয়। এই বছৰতে বাংলাদেশৰ জামালপুৰত এগৰাকী মহিলাই একেলগে ৪ গৰাকী কন্যা সন্তান জন্ম দিছে।

সেইদৰে, ২০১৯ চনত উত্তৰ প্ৰদেশৰ গোণ্ডা অঞ্চলত এগৰাকী মহিলাই একেলগে ৪টা সন্তান জন্ম দিছিল। যোৱা বছৰ ওড়িশাৰ এগৰাকী মহিলাইও একেলগে ৪টা সন্তান জন্ম দিছিল।

আনহাতে, একেলগে ৪টাতকৈ অধিক সন্তান জন্ম হোৱাৰ দৃষ্টান্তও দেখা গৈছে। মৰক্কোৰ এগৰাকী মহিলাই যোৱা বছৰ একেলগে ৯টা সন্তান জন্ম দি এক অভিলেখ গঢ়ি তুলিছিল। গিনিজ বুক অৱ ৱৰ্ল্ডে এই খবৰ সদৰী কৰিছে।