NORTHEAST NOW (Assamese)

গুৱাহাটী তাৰকা গৃহত জ্যোতিৰ্বিজ্ঞানৰ কৰ্মশালা; মুঠ ৩২ খন জিলাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

February 14, 2021 7:34 am · এন ই নাও নিউজ

গুৱাহাটী তাৰকা গৃহত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে  প্ৰাথমিক জ্যোতিৰ্বিজ্ঞানৰ তিনিদিনীয়া কৰ্মশালা।

ৰাজ্যখনৰ মুঠ ৩২ খন জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা কৰ্মশালাখনি উদ্বোধন কৰে প্ৰাগজ্যোতিষ এমেচাৰ এষ্ট্ৰ’নমাৰ্ছ এচোচিএশ্যনৰ সঞ্চালক ড° অনিল কুমাৰ গোস্বামীয়ে।

গুৱাহাটী তাৰকা গৃহ আৰু প্ৰাগজ্যোতিষ এমেচাৰ এচট্ৰ’নমাৰ্চ এচোচিএশ্যনে যুটীয়াভাৱে পৰ্যবেক্ষণীয় জ্যোতিৰ্বিজ্ঞানৰ ওপৰত আয়োজন কৰা তিনিদিনীয়া কৰ্মশালাৰ প্ৰথম দিনা জাতীয় সংগীতৰ পিছতে সৌৰজগতৰ গ্ৰহ নক্ষত্ৰৰ বিস্তৃত ব্যাখ্যাৰ লগতে সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ, মহাবিশ্বত পৃথিবীৰ অৱস্থান, সূৰ্য আদি সম্পৰ্কে গ্ৰাফিকচ্ যোগে ব্যাখ্যা আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপিকা ড° চন্দ্ৰৰেখা মহন্তই আৰু ইউ এচ টি এম, মেঘালয়ৰ সহকাৰী অধ্যাপক ড° নিতু বৰগোঁহাইয়ে।

প্ৰাগজ্যোতিষ এমেচাৰ এচট্ৰ’নমাৰ্চ এচোচিএশ্যনৰ সহযোগী সম্পাদক সঞ্জীৱ কুমাৰ শৰ্মাই আঁতধৰা কৰ্মশালাত সূৰ্য আৰু পৃথিবীৰ ব্যাসৰ জোখ কিদৰে সহজতে ল’ব পাৰি সেইসম্পৰ্কে হাতে কামে আকৰ্ষণীয়ভাৱে দেখুৱাই তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড° কিশোৰ বৰুৱাই।

কৰ্মশালাৰ দ্বিতীয় দিনা পুণৰ পৃথিৱীৰ গতি, আকাশৰ বিভিন্ন জোখ মাখ লোৱা পদ্ধতি, কাল্পনিক ৰাশিচক্ৰৰ সম্পৰ্কে বিশদ ব্যাখ্যা আগবঢ়াই ড° কিশোৰ বৰুৱাই।

নক্ষত্ৰসমূহৰ অৱস্থান সম্পৰ্কে তাৰকা গৃহৰ কিউৰেটৰ বাবুল বড়াই তাৰকা গৃহৰ ছবি দৰ্শনৰ জড়িয়তে ব্যাখ্যা কৰে।

কৰ্মশালাৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় হিচাপে টেলিস্কোপৰ ব্যৱহাৰ আৰু কৰ্মশালাৰ বাবে ব্যৱহাৰিক কিড্ বুজাই দিয়ে অনুষ্ঠানৰ কাৰ্যালয় সম্পাদক মানস জ্যোতি শৰ্মাই।

ফেব্ৰুৱাৰী মাহৰ ভিতৰত কৰ্মশালাত অংশ লোৱা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে নিজৰ নিজৰ জিলাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জ্যোতিৰ্বিজ্ঞানৰ কৰ্মশালা আয়োজন কৰিব বুলি জানিবলৈ দিয়ে প্ৰাগজ্যোতিষ এমেচাৰ এষ্ট্ৰ’নমাৰ্চ এচোচিএশ্যনৰ সম্পাদিকা পাৰমিতা শৰ্মাই।

Related News