• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী তাৰকা গৃহত জ্যোতিৰ্বিজ্ঞানৰ কৰ্মশালা; মুঠ ৩২ খন জিলাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

NE NOW NEWS এন ই নাও নিউজ
গুবাহাটী , February 14, 2021 7:34 am

2 min read

index
101
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী তাৰকা গৃহত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে  প্ৰাথমিক জ্যোতিৰ্বিজ্ঞানৰ তিনিদিনীয়া কৰ্মশালা।

ৰাজ্যখনৰ মুঠ ৩২ খন জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা কৰ্মশালাখনি উদ্বোধন কৰে প্ৰাগজ্যোতিষ এমেচাৰ এষ্ট্ৰ’নমাৰ্ছ এচোচিএশ্যনৰ সঞ্চালক ড° অনিল কুমাৰ গোস্বামীয়ে।

গুৱাহাটী তাৰকা গৃহ আৰু প্ৰাগজ্যোতিষ এমেচাৰ এচট্ৰ’নমাৰ্চ এচোচিএশ্যনে যুটীয়াভাৱে পৰ্যবেক্ষণীয় জ্যোতিৰ্বিজ্ঞানৰ ওপৰত আয়োজন কৰা তিনিদিনীয়া কৰ্মশালাৰ প্ৰথম দিনা জাতীয় সংগীতৰ পিছতে সৌৰজগতৰ গ্ৰহ নক্ষত্ৰৰ বিস্তৃত ব্যাখ্যাৰ লগতে সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ, মহাবিশ্বত পৃথিবীৰ অৱস্থান, সূৰ্য আদি সম্পৰ্কে গ্ৰাফিকচ্ যোগে ব্যাখ্যা আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপিকা ড° চন্দ্ৰৰেখা মহন্তই আৰু ইউ এচ টি এম, মেঘালয়ৰ সহকাৰী অধ্যাপক ড° নিতু বৰগোঁহাইয়ে।

প্ৰাগজ্যোতিষ এমেচাৰ এচট্ৰ’নমাৰ্চ এচোচিএশ্যনৰ সহযোগী সম্পাদক সঞ্জীৱ কুমাৰ শৰ্মাই আঁতধৰা কৰ্মশালাত সূৰ্য আৰু পৃথিবীৰ ব্যাসৰ জোখ কিদৰে সহজতে ল’ব পাৰি সেইসম্পৰ্কে হাতে কামে আকৰ্ষণীয়ভাৱে দেখুৱাই তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড° কিশোৰ বৰুৱাই।

কৰ্মশালাৰ দ্বিতীয় দিনা পুণৰ পৃথিৱীৰ গতি, আকাশৰ বিভিন্ন জোখ মাখ লোৱা পদ্ধতি, কাল্পনিক ৰাশিচক্ৰৰ সম্পৰ্কে বিশদ ব্যাখ্যা আগবঢ়াই ড° কিশোৰ বৰুৱাই।

নক্ষত্ৰসমূহৰ অৱস্থান সম্পৰ্কে তাৰকা গৃহৰ কিউৰেটৰ বাবুল বড়াই তাৰকা গৃহৰ ছবি দৰ্শনৰ জড়িয়তে ব্যাখ্যা কৰে।

কৰ্মশালাৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় হিচাপে টেলিস্কোপৰ ব্যৱহাৰ আৰু কৰ্মশালাৰ বাবে ব্যৱহাৰিক কিড্ বুজাই দিয়ে অনুষ্ঠানৰ কাৰ্যালয় সম্পাদক মানস জ্যোতি শৰ্মাই।

ফেব্ৰুৱাৰী মাহৰ ভিতৰত কৰ্মশালাত অংশ লোৱা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে নিজৰ নিজৰ জিলাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জ্যোতিৰ্বিজ্ঞানৰ কৰ্মশালা আয়োজন কৰিব বুলি জানিবলৈ দিয়ে প্ৰাগজ্যোতিষ এমেচাৰ এষ্ট্ৰ’নমাৰ্চ এচোচিএশ্যনৰ সম্পাদিকা পাৰমিতা শৰ্মাই।

Recent News

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

rishabh pant century 3

বিশ্বৰ দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অভিলেখ গঢ়ি গিলখ্ৰীষ্টক স্পৰ্শ কৰিলে ঋষভ পন্টে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd