• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষক বিক্ষোভক লৈ এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ বিজেপি সাংসদ; কি ক’লে স্বামীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2021 8:20 am
swamy-759

ড০ সুব্ৰমনিয়াম স্বামী।

179
VIEWS
Share on FacebookShare on Twitter

কৃষক বিক্ষোভক লৈ এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল দলৰেই এগৰাকী জ্যেষ্ঠ সাংসদ ড০ সুব্ৰমনিয়াম স্বামী।

বিভিন্ন সময়ত বিৰোধীসকলৰ সমান্তৰালভাৱে বৰ্ষীয়ান এই ৰাজনীতিকগৰাকী নিজ দলৰ চৰকাৰৰ বিৰুদ্ধেই সৰৱ হৈ আহিছে।

এইবাৰ কৃষক বিক্ষোভকলৈয়ো বিজেপি সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক সমালোচনা কৰি টুইট কৰিছে।

শনিবাৰে এটা টুইট কৰি স্বামীয়ে লিখিছে,’’কৃষক বিক্ষোভ শীঘ্ৰেই এক আন্তৰ্জাতিক ইছ্যুত পৰিণত হ’ব পাৰে। মানৱ অধিকাৰ সংস্থাসমূহে আন্তৰ্জাতিক শ্ৰম সংস্থা তথা ৰাষ্ট্ৰ সংঘৰ ওচৰত যোৱাৰ কথা ভাৱিছে য’ত ভাৰতো সদস্য। তাত বিষয়টো উত্থাপিত হ’ব পাৰে। লেবাৰ ষ্টেণ্ডাৰ্ডৰ চেয়াৰমেন হিচাপে মই ১৯৯৯চনত চৰকাৰৰ বাবে তিনিটা খণ্ডৰ এখন প্ৰতিবেদন প্ৰস্তুত কৰিছো।‘’

নতুন কৃষি আইনক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত আছে। একেৰাহে দুমাহতকৈয়ো অধিক সময় লাখ লাখ কৃষকে দিল্লী অৱৰোধ কৰি ৰাখিছে। এই নতুন কৃষি আইনক লৈ শলঠেকত পৰিছে মোদী চৰকাৰ।

কৃষক বিক্ষোভৰ তীব্ৰতাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে নতুন কৃষি আইন কাৰ্যকৰী কৰা স্থগিত ৰাখিবলগীয়া হৈছে। দেশৰ লগতে দেশৰ বাহিৰতো এই আইনক লৈ চাপ বৃদ্ধি পাইছে।

The Farmer Agitation may soon become an international issue. Human rights groups plan to approach the International Labour Organisation, UN Body, in which India is a member, which could take it up. As Chairman of Labour Standards I produced in 1996 a three volume Report for Govt.

— Subramanian Swamy (@Swamy39) February 13, 2021

এনে পৰিস্থিতিত দলৰেই এগৰাকী সাংসদে প্ৰত্যক্ষভাৱে কৃষি আইনক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰোধিতাৰে সৰৱ হোৱাত স্বাভাৱিকতেই মোদী-শ্বাহৰ অস্বস্তি বৃদ্ধি পাইছে।

উল্লেখ্য যে আজি কেইদিনমান পূৰ্বে বৰ্ষীয়ান আৰএছএছ নেতা ৰঘুনন্দন শৰ্মায়ো কৃষি আইনক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল। কৃষিমন্ত্ৰীক জবাবদিহি কৰি ক্ষমতাই মূৰত ধৰা বুলি কটাক্ষও কৰিছিল।

আৰএছএছ নেতাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে যাৰ বাবে এই আইন অনা হৈছে সেই কৃষকসকলেই যদি বিৰোধিতা কৰে তেনেহ’লে সেই আইনৰ কি প্ৰয়োজন আছিল?

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd