• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অগপত প্ৰাণ সঞ্চাৰ! আঞ্চলিক দলটোত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ যোগদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 14, 2021 6:48 am

2 min read

index

আছুৰ বিষয়ববীয়াৰ অগপত যোগদান কাৰ্যসূচী।

170
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰে মিত্ৰতাত আৱদ্ধ অসম গণ পৰিষদ দলটো লাহে লাহে শক্তিহীন হৈ অহা বুলি প্ৰায়েই চৰ্চা চলি আছে। আনকি আঞ্চলিক দলটোৰ মাজত আঞ্চলিক জাতীয়তাবাদৰ অভাৱ ঘটাৰ অভিযোগ কৰি ইতিমধ্যে ৰাজ্যখনত বিকল্প ৰাজনৈতিক শক্তিৰো উত্থান ঘটিছে।

ইয়াৰ মাজতে অসম গণ পৰিষদৰ নেতৃত্বতই নিৰ্বাচনী পৰিস্থিতিত দলটো টনকিয়াল কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা চলাইছে। শনিবাৰে কেইবাগৰাকীও আছুৰ বিষয়ববীয়াই অগপত যোগদান কৰি এক প্ৰকাৰ অগপত প্ৰাণ সঞ্চাৰ কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন, সাহিত্য সম্পাদক অঞ্জন কলিতা, কাৰ্য্যনিৰ্বাহক সদস্য সীমান্ত ঠাকুৰীয়াৰ নেতৃত্বত গুৱাহাটী মহানগৰীৰ লগতে অসমৰ বিভিন্ন স্থানৰ প্ৰায় ৩ শতাধিক প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সদস্যই দলৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত অসম গণ পৰিষদ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

যোগদান কাৰ্য্যসূচীত উপস্থিত থাকি দলৰ সভাপতি অতুল বৰাই উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ আঞ্চলিক দল অসম গণ পৰিষদত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহি যোগদান কৰাৰ বাবে উষ্ম আদৰণি জনাই কয় যে, বৰ্তমান সময়ত অসম গণ পৰিষদ দলৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস বঢ়াৰ বাবেই নতুন নতুন তেজৰ আমদানি ঘটিছে।

বৰাই লগতে যুৱ আৰু ছাত্ৰ শক্তিক ঐক্যবদ্ধ ভাৱে অসম গণ পৰিষদ দলৰ মাধ্যমৰে ৰাইজৰ সেৱাত ব্ৰতী হোৱাত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে অসমৰ বিভিন্ন মহাবিদ্যালয়ত ইতিমধ্যে অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ সহযোগত ছাত্ৰ একতা সভা সমূহ জয়লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৮৫ চনৰ পৰা  অভিজ্ঞতাপুষ্ট আঞ্চলিক ৰাজনৈতিক দলটোত এই নতুন তেজৰ আমদানিয়ে যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।

সভাত কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত থাকি যোগদানকাৰী সকলক আদৰণি জনোৱাৰ লগতে দলত থাকি নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়।

সভাত দলৰ উপ-সভাপতি সুনীল ডেকা, সম্পাদক তথ্য প্ৰযুক্তি মণি মাধৱ মহন্ত, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস, সম্পাদক সংগঠন তুলাৰাম গগৈ, কাৰ্য্যনিৰ্বাহক সদস্য আছিকুৰ ৰহমান তথা অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd