ইতিহাসত প্ৰথম, অভূতপূৰ্ব সিদ্ধান্ত বিবিচিৰ; আয়কৰ অভিযানৰ এবছৰ পিছতে ডাঙৰ পদক্ষেপ!

যোৱা বছৰ দিল্লী আৰু মুম্বাইত থকা বিবিচিৰ কাৰ্যালয়ত ইনকাম টেক্সে কৰ বিসংগতিৰ অভিযোগত অভিযান চলাইছিল। ঠিক এবছৰৰ পাছত ভাৰতৰ বিবিচি নিউজ ৰুম বন্ধ হ’বলৈ ওলাইছে। প্ৰকাশনৰ অনুজ্ঞাপত্ৰ ভাৰতীয় কৰ্মচাৰীয়ে প্ৰতিষ্ঠা কৰা এটা ব্যক্তিগত লিমিটেড কোম্পানীলৈ হস্তান্তৰ কৰা হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

আয়কৰ উলংঘাৰ অভিযোগৰ পৰিপ্ৰেক্ষিততে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অহা সপ্তাহৰ পৰা বিবিচিয়ে ইয়াৰ প্ৰাক্তন কৰ্মচাৰীৰে গঠিত ‘কালেক্টিভ নিউজ ৰুম’ নামৰ সংস্থা এটাৰ পৰা বাতৰি সম্প্ৰচাৰ আৰম্ভ কৰিব।

ভাৰতত বিবিচিৰ ভৱিষ্যতৰ কাম-কাজ ‘কলেকটিভ নিউজৰুম’ নামৰ এটা সংস্থাৰ জৰিয়তে হ’ব। বিবিচি কালেকটিভ নিউজৰুমে কোম্পানীটোৰ ২৬% অংশীদাৰিত্বৰ বাবে চৰকাৰক আবেদন জনাইছে। বিবিচিয়ে ইয়াৰ প্ৰতিক্ৰিয়াত কয় যে তেওঁলোকে ইয়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰকাশনৰ অনুজ্ঞাপত্ৰ আন এটা সংস্থাক গতাই দিব আৰু সাংবাদিকতাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ’ব।

লগতে পঢ়কঃ এইবাৰ ডিপফেক ধৰা পেলোৱাটো সহজ হ’ব; কৃত্ৰিম বুদ্ধিমত্তাক লৈ মেটাৰ ডাঙৰ সিদ্ধান্ত

কালেকটিভ নিউজৰুমৰ মুৰব্বী ৰূপা ঝাই কয় যে “বিবিচিয়ে প্ৰথমবাৰৰ বাবে আন এটা সংস্থাক প্ৰকাশনৰ অনুজ্ঞাপত্ৰ দিছে আৰু বিবিচিয়ে সাংবাদিকতাৰ ক্ষেত্ৰত আপোচ নকৰে”। ৰূপা ঝা কালেকটিভ নিউজৰুমৰ চাৰিজন প্ৰতিষ্ঠাপক শ্বেয়াৰহোল্ডাৰৰ ভিতৰত অন্যতম আৰু তেওঁ বিবিচি ইণ্ডিয়াৰ জ্যেষ্ঠ বাতৰি সম্পাদক আছিল।

১৯৪০ চনৰ মে’ মাহৰ পৰা ভাৰতত বিবিচিয়ে সম্প্ৰচাৰ আৰম্ভ কৰে। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত বিবিচিয়ে ২০০২ চনৰ গুজৰাট সংঘৰ্ষ সম্পৰ্কে এখন তথ্যচিত্ৰ প্ৰচাৰ কৰাৰ পিছতেই দিল্লী আৰু মুম্বাইত থকা বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিষয়াসকলে অভিযান চলাইছিল।

২০০২ চনৰ গুজৰাট সংঘৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকা সম্পৰ্কে দুখন তথ্যচিত্ৰ প্ৰচাৰ কৰাৰ পিছত ভাৰত চৰকাৰৰ সৈতে বিবিচিৰ সংঘাত আৰম্ভ হৈছিল। আয়কৰ বিভাগৰ তদন্তৰ সন্মুখীন হোৱাৰ এবছৰ নৌহওঁতেই ভাৰতত থকা নিউজ ৰুমটো ব্যক্তিগত লিমিটেড কোম্পানীলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে বিবিচিয়ে। বিবিচিয়ে প্ৰথমবাৰৰ বাবে এখন দেশত তেওঁলোকৰ অনুজ্ঞাপত্ৰ আন এটা কোম্পানীলৈ হস্তান্তৰ কৰিছে। এই অনুজ্ঞাপত্ৰ ভাৰতত বিবিচিৰ নিজস্ব কৰ্মচাৰীয়ে স্থাপন কৰা ব্যক্তিগত লিমিটেড কোম্পানীলৈ হস্তান্তৰ কৰা হৈছে।

লগতে পঢ়কঃ গ্ৰন্থৰ আদৰ! ৪০ বছৰ ধৰি লিখা ১০৪ পৃষ্ঠাৰ এখন কিতাপ; বিক্ৰী হ’ব প্ৰায় ৪০ লাখ ডলাৰত!

অহা সপ্তাহৰ পৰা বিবিচিৰ চাৰিজন প্ৰাক্তন কৰ্মচাৰীয়ে প্ৰতিষ্ঠা কৰা “কলেক্টিভ নিউজৰুম” নামৰ এটা ব্যক্তিগত লিমিটেড কোম্পানীয়ে হিন্দী, গুজৰাটী, মাৰাঠী, পাঞ্জাবী, তামিল, তেলেগুকে ধৰি সাতটা ভাষাত বিবিচিৰ ডিজিটেল সেৱাৰ বাবে কন্টেন্ট সৃষ্টিৰ দায়িত্ব ল’ব।

বিবিচিৰ ভাৰতৰ কাৰ্য্যকলাপৰ এই পুনৰ্গঠন ২০২০ চনত প্ৰৱৰ্তন কৰা নতুন প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই) নিয়মৰ অধীনত প্ৰয়োজনীয় আছিল যিয়ে ভাৰতৰ ডিজিটেল মিডিয়া খণ্ডত ২৬ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সীমা আৰোপ কৰে। ইয়াৰ পূৰ্বে বিবিচি ইণ্ডিয়াৰ ৯৯ শতাংশতকৈ অধিক মালিকানা আছিল।

লগতে পঢ়কঃ ন্যায়াধীশসকললৈ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ বাৰ্তা, ‘আনুগত্য সংবিধানৰ প্ৰতি হওক, কোনো দলৰ প্ৰতি নহয়’

দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কালেকটিভ নিউজৰুমৰ মুৰব্বী ৰূপা ঝাই কয় যে বিবিচিয়ে আন এজেন্সীক প্ৰকাশৰ অনুজ্ঞাপত্ৰ দিয়াটো অভূতপূৰ্ব…সাংবাদিকতাত কোনো ধৰণে আপোচ কৰা নহ’ব আৰু বিবিচি আমাৰ পক্ষতে আছে।