• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰন্থৰ আদৰ! ৪০ বছৰ ধৰি লিখা ১০৪ পৃষ্ঠাৰ এখন কিতাপ; বিক্ৰী হ’ব প্ৰায় ৪০ লাখ ডলাৰত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2024 10:40 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যেতিয়া কিতাপ এখন নিলামত উঠে আৰু ইয়াৰ দাম চকু কপালত উঠা ধৰণে বৃদ্ধি পায়, তেতিয়া সঁচাকৈয়ে ই বাতৰি হৈ পৰে।স্বাভাৱিকতে ই সকলোতকৈ বেছি অনুপ্ৰাণিত কৰে গ্ৰন্থপ্ৰেমী আৰু কিতাপ সংগ্ৰাহকক। তেনে এক ঘটনা সম্প্রতি সংঘটিত হ’বলৈ গৈ আছে৷

কিতাপ এখনক কেন্দ্ৰ কৰি তুংগত উঠিছে উন্মাদনা। এই গ্ৰন্থখন খ্ৰীষ্টান ধৰ্মৰ অন্যতম পুৰণি ধৰ্মীয় গ্ৰন্থ। অহা জুন মাহত গ্ৰন্থখনৰ নিলাম হোৱাৰ কথা। ব্ৰিটেইনৰ বিখ্যাত নিলাম ঘৰ “ক্ৰিষ্টীজ”য়ে এই তথ্য প্ৰকাশ কৰিছে।

কিয় ইমান মূল্যৱান, কিয় কিতাপখনক লৈ এই উন্মাদনা? ব্ৰিটিছ নিলাম ঘৰ ‘ক্ৰিষ্টীজ’ৰ মতে, কিতাপখনৰ নাম ‘দ্য ক্ৰছবি-শ্ব’ন কোডেক্স’। ২৫০-৩৫০ খ্ৰীষ্টাব্দৰ ভিতৰত মিচৰৰ পেপিৰাছৰ ওপৰত কপটিক লিপিৰে এই গ্ৰন্থখন লিখা হৈছিল। পেপিৰাছ হৈছে মিচৰৰ পেপিৰাছ উদ্ভিদৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ লিখাৰ মাধ্যম। ইয়াক কাগজেই বুলিব পাৰি।

Apply Now

লগতে পঢ়কঃ ন্যায়াধীশসকললৈ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ বাৰ্তা, ‘আনুগত্য সংবিধানৰ প্ৰতি হওক, কোনো দলৰ প্ৰতি নহয়’

এই ধৰ্মীয় গ্ৰন্থখন প্ৰাচীন এক খ্ৰীষ্টান গীৰ্জাত ৰচনা কৰা হৈছিল। তাৰ ভিতৰত  দুখন বাইবেলৰ সম্পূৰ্ণ পাণ্ডুলিপি আছে। এইখন পৃথিৱীৰ আটাইতকৈ পুৰণি গ্ৰন্থসমূহৰ ভিতৰত অন্যতম বুলি বিশ্বাস কৰা হয়। গ্ৰন্থখন নিলামত ৩৮ লাখ ডলাৰত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে।

নিলাম প্ৰতিষ্ঠান ক্ৰিষ্টীজৰ মতে, ভূমধ্যসাগৰীয় অঞ্চলৰ আশেপাশে খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এক গুৰুত্বপূৰ্ণ সোঁৱৰণী এই কিতাপখন। তেওঁলোকে কৈছিল যে ১০৪ পৃষ্ঠাৰ অৰ্থাৎ ৫২ খিলা পাতত এই গ্ৰন্থখন খ্ৰীষ্টান ধৰ্মৰ আগমনৰ আৰম্ভণিতে এজন লিখকে লিখিছিল। তেওঁ ৪০ বছৰ ধৰি কিতাপখন লিখিছিল!

বাতৰি অনুসৰি, মিচিচিপি বিশ্ববিদ্যালয়ে এই কিতাপখন ক্ৰয় কৰিছিল। ১৯৮১ চনলৈকে ই তাতেই আছিল। পিছলৈ ১৯৮৮ চনত নৰৱেৰ পাণ্ডুলিপি সংগ্ৰাহক মাৰ্টিন শ্বোয়েনে ইয়াক ক্ৰয় কৰে। এতিয়া শ্বোয়েনে আগন্তুক নিলামত তেওঁৰ সংগ্ৰহৰ অন্যান্য সামগ্ৰীৰ সৈতে কিতাপখন নিলাম কৰিব।

লগতে পঢ়কঃIPL 2024: অদমনীয় বাটলাৰ! অথলে গ’ল কিং কোহলীৰ বিৰাট ইনিংছ; দুৰ্দান্ত বেটিঙেৰ জয় কাঢ়ি নিলে ৰাজস্থানে

ক্ৰিষ্টীজৰ নিউয়ৰ্ক শাখাত প্ৰদৰ্শিত হৈছে কোডেক্স। ৯ এপ্ৰিললৈকে তাতেই থাকিব। পিছত ১১ জুনত লণ্ডনত এই কিতাপখন নিলাম কৰা হ’ব। সকলো দিশ বিবেচনা কৰিলে নিলামৰ মূল্য ২৬ লাখ ডলাৰৰ পৰা ৩৮ লাখ ডলাৰলৈ বৃদ্ধি পাব পাৰে! আহ, কি অবিশ্বাস্য মূল্য! আৰু একেলগে সংগ্ৰথিত ইতিহাস, ধৰ্ম, সংস্কৃতি আৰু ব্যৱসায়।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd