ভয়ানক কাণ্ড! কানপুৰত ১৫ বছৰীয়া কিশোৰৰ নিয়ন্ত্ৰণহীন গাড়ীৰ খুন্দাত আহত ৪ জন

ফটোঃ সংগ্ৰহীত।

পুনেৰ ঘটনাৰ অনুৰূপ ঘটনা এইবাৰ সংঘটিত হৈছে কানপুৰত। দেওবাৰে মদ্যপান কৰি গাড়ীৰ তলত দুজন অভিযন্তাক চেপি নিছিল ১৭ বছৰীয়া এগৰাকী কিশোৰে। সেই ঘটনাত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছিল। এইবাৰ আন এগৰাকী কিশোৰৰ নিয়ন্ত্ৰহীন গাড়ীৰ খুন্দাত চাৰিজন লোকৰ গুৰুতৰভাৱে আহত হয়। কানপুৰত সংঘটিত হয় অনুৰূপ ভয়ানক এই ঘটনা।

মঙলবাৰে উত্তৰ প্ৰদেশৰ কানপুৰত ১৫ বছৰীয়া কিশোৰৰ গাড়ীত খুন্দাত ৪ জন লোক আহত হয়। অৱশ্যে ইয়াৰ পূৰ্বেও এই কিশোৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পূৰ্বে এই কিশোৰগৰাকীয়ে ২০২৩ চনত দুজন পথচাৰীক চেপি নিহত কৰিছিল। ইতিমধ্যে নাবালকজনক জিম্মাত লৈ বুধবাৰে জুভেনাই হোমলৈ প্ৰেৰণ কৰা হৈছে।

অভিযুক্ত কিশোৰ কানপুৰৰ এগৰাকী বিশিষ্ট চিকিৎসকৰ পুত্ৰ বুলি জানিব পৰা গৈছে। এই গোচৰৰ সমান্তৰালকৈ তেওঁৰ বিৰুদ্ধে পুৰণি গোচৰটোও পুনৰ মুকলি কৰা হৈছে।

লগতে পঢ়কঃ লখিমপুৰ আৰক্ষীৰ জিম্মাত আটকাধীন বন্দীৰ মৃত্যু; স্থানীয় ৰাইজে উজাৰিছে ক্ষোভ, তদন্তৰ দাবী

জানিব পৰা মতে, অভিযুক্তৰ পিতৃৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। ১৫ বছৰীয়া কিশোৰগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৭৯ আৰু ৩৩৮ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পূৰ্বেও নাবালকজনৰ বিৰুদ্ধে ৩০৪ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

২০২৩ চনত দুজন লোকক নিহত কৰাৰ পিছত কেনেকৈ পুনৰ গাড়ী চলাবলৈ দিয়া হৈছিল সেই সন্দৰ্ভত পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে সমগ্ৰ অঞ্চলটোত এই ঘটনা বিয়পি পৰাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

কানপুৰ চহৰৰ আয়ুক্ত অখিল কুমাৰে কয় যে এই কিশোৰগৰাকীয়ে আৰু যোৱা বছৰৰ অক্টোবৰ মাহত মাৰাত্মক ঘটনা সংঘটিত কৰিছিল। সেই সময়ত দুজন পথচাৰীৰ মৃত্যু হৈছিল। কিশোৰগৰাকী মাৰাত্মক দুৰ্ঘটনাত জড়িত হোৱাৰ পিছতো তেওঁক কিয় চিকিৎসক পিতৃয়ে পুনৰ গাড়ী চলাবলৈ দিলে তাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। বহুতেই পৰিয়ালটোক সমালোচনা কৰা দেখা গৈছে।

লগতে পঢ়কঃ নলবাৰীৰ ষ্ট্ৰং ৰুমত নিৰাপত্তা ভংগৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিলে অসম চৰকাৰে

আৰক্ষীয়ে জনোৱা মতে, ২০২৩ চনৰ অক্টোবৰ মাহত তেওঁ গংগা বেৰেজলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হৈছিল। গাড়ীখন তীব্ৰ বেগেৰে গৈ থকাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুই পথচাৰী সাগৰ নিষাদ আৰু আশীষ ৰাম চৰণ নামৰ লোক দুজনক খুন্দিওৱাৰ ফলত তেওঁলোক মৃত্যুমুখত পৰে।