আধাৰৰ গোপন বায়’মেত্ৰিক তথ্যৰে পৃথক দেটাবে’চ বনিছে অসমত

হাফিংতন প’স্ত ইন্দিয়াৰ বাতৰি মতে, ভাৰতৰ আধাৰ কাৰ্ডক লৈ কৰা আশংকাক সত্য প্ৰমাণ কৰিছে অসমত চলিত এন আৰ চি প্ৰক্ৰিয়াৰ সমান্তৰালকৈ গোপনে সংঘটিত দেটাবে’চ প্ৰস্তুতিয়ে।

Aadhar's unique biometric info is used for preparing separate database in Assam

হাফিংতন প’স্ত ইন্দিয়াৰ বাতৰি মতে, ভাৰতত চলিত আধাৰ কাৰ্ডত অন্তৰ্ভুক্ত কোনো ব্যক্তিৰ একক বায়’মেত্ৰিক তথ্যক লৈ কৰা আশংকা সত্য আৰু এই কথা প্ৰমাণ কৰিছে অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সমান্তৰালকৈ গোপনে সংঘটিত এক দেটাবে’চৰ প্ৰস্তুতিয়ে।

আধাৰ দেটাবে’চ দেশৰ জনসাধাৰণৰ গোপন নিৰীক্ষণত নিৰাপত্তা সংস্থাসমূহে ব্যৱহাৰ কৰিব বোলা আশংকাক ই সত্য প্ৰমাণ কৰিছে বুলি বাতৰিটোত কোৱা হৈছে।

বাতৰিটোত কোৱা হৈছে যে অসমত চলিত এন আৰ চিৰ পৰা বাদ পৰা লোকসকলৰ একক আধাৰ বায়’মেত্ৰিক তথ্যৰে এক দেটাবে’চ গোপনে প্ৰস্তুত কৰি থকা হৈছে।

আধাৰ প্ৰস্তুতকৰণত ভাৰত চৰকাৰক সহায় আগবঢ়োৱা ইউ আই ডি এ আই (Unique Identification Authority of India) আৰু অসম চৰকাৰে এই প্ৰক্ৰিয়া সম্পৰ্কে জনাবলৈ অস্বীকাৰ কৰা বুলি উল্লেখ কৰি প্ৰতিবেদনটোত হাফিংতন প’স্ত ইন্দিয়াই দাবী কৰিছে যে এই সম্পৰ্কীয় যোগাযোগ (correspondence) তেওঁলোকে পৰীক্ষা কৰিছে।

এন আৰ চিৰ পৰা বাদ পৰা প্ৰায় ৪০ লাখ লোকৰ গোপন আধাৰ তথ্য ইউ আই দি এ আই-এ সংগ্ৰহ কৰিব, কিন্তু সেয়া থাকিবগৈ এন আৰ চি উন্নীতকৰণত জৰিত চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ হাতত।

বাতৰিটোৰ মতে, বিভাগীয় যোগাযোগত বি এম ই (BME)ৰূপে উল্লেখ থকা বায়’মেত্ৰিক এনৰ’লমেন্ত প্ৰ’চেচ সন্দৰ্ভত অসমৰ এগৰাকী লোকে দৰ্শোৱা আপত্তিক লৈ ইউ এ ডি এ আইৰ সহকাৰী সঞ্চালক পিয়ুশ চেতিয়াই গৃহ আৰু ৰাজনৈতিক বিভাগৰ উপ সচিব চি পি ফুকনলৈ ২১ মে’, ২০১৯ত এক পত্ৰ প্ৰেৰণ কৰিছিল।

“যিহেতু অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে নিৰ্দিষ্ট নিৰ্দেশনা/ এচ অ’ পিৰ অধীনত বি এম ই প্ৰক্ৰিয়াটোৰ তদাৰকী আৰু নিৰীক্ষণ কৰি আছে আৰু ইউ আই দি এ আই-এ বিভাগটোক কাৰিকৰী সহায় আগবঢ়াই আছে, অনুৰোধ কৰা হৈছে যাতে বাসিন্দাজনৰ অসুবিধাটো এই কাৰ্য্যালয়ৰ অৱগতি সাপেক্ষে অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ঠিকনা লগাওক,” হাফিংতন প’স্ত ইন্দিয়াৰ বাতৰিত পত্ৰখনৰ উদ্ধৃতি।

বাতৰিটোৰ মতে, আধাৰৰ ক্ষেত্ৰত ইউ আই দি এ আইৰ নিৰ্দেশনা আৰু এন আৰ চি বি এম ই নিৰ্দেশনা পৃথক।

হাফিংতন প’স্ত ইন্দিয়া এই সিদ্ধান্তত উপনীত হৈছে সেই পত্ৰখনৰে আলম লৈ। “এন আৰ চি বি এম ই নিৰ্দেশনা অনুসৰি সঠিকভাৱে ঠিকনা লগাবলৈ” বাসিন্দাগৰাকীৰ সংশ্লিষ্ট জিলাখনৰ নদাল বিষয়াক নিৰ্দেশ দিবলৈ উক্ত পত্ৰত চেতিয়াই পৰামৰ্শ আগবঢ়াইছিল।

বহু লোকে আধাৰক লৈ আপত্তি দৰ্শোৱাৰ বিপৰীতে ভাৰত চৰকাৰে এই সম্পৰ্কীয় তথ্য সুৰক্ষিত থাকিব বুলি বাৰম্বাৰ আশ্বাস দি আহিছে।