NORTHEAST NOW (Assamese)

শিৱসাগৰত আম আদমী পাৰ্টীৰ গণ যোগদান কাৰ্যসূচী: শতাধিক লোকৰ যোগদান

May 10, 2022 5:57 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূতি দিনটোতেই শিৱসাগৰত আজি আম আদমী পাৰ্টী, চমুকৈ আপ- ৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

আপ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি নগৰখনৰ এ টি ৰ’ডৰ বাৰোৱাৰী সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী।

আপৰ এই গণ যোগদান কাৰ্যসূচীত উপস্থিত থাকে আম আদমী পাৰ্টীৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত দোবে।

শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক লোকে আজি অৰবিন্দ কেজিৰৱালৰ নেতৃত্বধীন আম আদমী পাৰ্টীত যোগদান কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চাহ জনজাতি ছাত্ৰ সন্থা, ৰাইজৰ দল, বিশিষ্ট ব্যৱসায়ীকে ধৰি বিভিন্ন দল সংগঠনৰ কৰ্মীৰ লগতে বহু সংখ্যক সাধাৰণ নাগৰিকে যোগদান কৰিলে আপত।

যোগদান কাৰ্যসূচীত ভাষণ প্ৰদান কৰি বিজেপি চৰকাৰে অসমত বিশুদ্ধ খোৱা পানীকণো যোগান ধৰিবলৈ সক্ষম নোহোৱা বুলি সমালোচনা কৰে লক্ষ্মীকান্ত দোবেই।

সকলো পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰা, চৰকাৰী স্কুল,চিকিৎসালয় বেচৰকাৰীতকৈ ভাল কেনেকৈ কৰিব পাৰি আম আদমি পাৰ্টীয়ে দিল্লীত দেখুৱাই দিয়া বুলিও সদৰি কৰে তেওঁ।

অনাগত দিনত পঞ্চায়ত, লোকসভা নিৰ্বাচনতো আম আদমি পাৰ্টীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি ঘোষণা কৰে ৰাজ্যিক যুটীয়া সমন্বয়ক গৰাকীয়ে।

যোগদান কাৰ্যসূচীত আপৰ শিৱসাগৰ জিলা সমিতিৰ সমন্বয়ক ৰূপম জ্যোতি বৰগোঁহাইকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

Related News