কোকৰাঝাৰ জিলাৰ তুলসীবিল অঞ্চলত একেটা পৰিয়ালৰ পাঁচজন সদস্যই আৰ্থিক অনাটনৰ বাবে আত্মহত্যা কৰা ঘটনাত আম আদমি পাৰ্টীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
এক প্ৰেছ বাৰ্তাত দলটোৱে লগতে কয় যে আৰ্থিক অনাটনত ভুগি থকা পৰিয়ালটোৱে ঋণৰ বোজা সহিব নোৱাৰি যি চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল, ই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ যোৱা পাঁচ বছৰৰ কু-শাসন তথা বিফলতাৰ এক দলিল হিচাপে চিহ্নিত হৈ ৰ’ব।
বিবৃতিটোত কোৱা হয় যে যি বিজেপিয়ে কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনৰ বিফলতাক মূলধন হিচাপে লৈ শাসনত অধিস্থিত হৈছিল আৰু অসমৰ জনতায়ো গভীৰ প্ৰত্যাশাৰে বিজেপিক দিছপুৰলৈ পঠিয়াইছিল, সেই বিজেপি চৰকাৰ এতিয়া সৰ্ব দিশত বিফল তথা প্ৰতাৰিত চৰকাৰ হিচাপে নিজৰ ৰূপ প্ৰকট কৰিছে।
আম আদমীয়ে দাবী কৰে যে কোকৰাঝাৰৰ দুৰ্ভগীয়া পৰিয়ালটোৱে যি এক আৰ্থিক সংকটৰ বাবে আত্মহত্যা কৰিবলগীয়া হ’ল, এনে আৰ্থিক সংকট এতিয়া অসমৰ প্ৰায় সকলো মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ সকলো পৰিয়ালে ভুগি আছে।
কেন্দ্ৰীয় চৰকাৰে সংঘটিত কৰা বিমুদ্ৰাকৰণৰ দৰে বৃহৎ কেলেংকাৰীয়ে দেশৰ জনতাক আৰ্থিকভাৱে কোঙা কৰাৰ পাছত জনতাই কঁকাল পোনাবলৈ পোৱাৰ আগতেই দেখা দিয়া কৰ’না মহামাৰীয়ে সকলোকে এক ভয়াবহ আৰ্থিক দিশলৈ লৈ গ’ল বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে যে অপৰিকল্পিত লক-ডাউন আৰু চৰকাৰৰ অকৰ্মণ্যতাই সকলো দুখীয়াকে দুৰ্যোগলৈ লৈ গ’ল।
বিবৃতিটোত লগতে কোৱা হৈছে যে অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনেও লক-ডাউনৰ সময়ত দৰিদ্ৰ জনগণক সকাহ দিয়াৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। কৰ’না নামত কেন্দ্ৰীয় চৰকাৰৰপৰা অহা টকা কি কি শিতানত ব্যয় কৰা হ’ল, সেই বিষয়ে জনতা এতিয়াও অন্ধকাৰতে আছে।
ক’ভিড হাস্পতাল নিৰ্মাণৰ নামত অসম চৰকাৰে লাভ কৰা টকা ক’ত ব্যয় কৰা হ’ল, সেয়া প্ৰকাশ কৰিবলৈ আম আদমি পাৰ্টীয়ে চৰকাৰৰ ওচৰত দাবী জনায়।
যোৱা পাঁচ বছৰ জনহিতকৰ একো কাম কৰিব নোৱাৰা বিজেপি চৰকাৰখনে এতিয়া জনতাৰ ফালে পিঠি দি ২০২১ৰ নিৰ্বাচনী বৈতৰণী কিদৰে পাৰ হ’ব পাৰে, তাকে লৈ ব্যস্ত আছে বুলিও দলটোৱে অভিযোগ কৰে।