‘বিজেপিয়ে অসমৰ সম্পদ সমুহ এটা এটাকৈ বিক্ৰী কৰিছে।’ সংবাদমেলত আপ অসমৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সমন্বয়ক জীয়াবুৰ ৰহমান খানে এইদৰে বিজেপি চৰকাকৰ তীব্ৰ সমালোচনা কৰে।
তেওঁ কয় বিজেপিয়ে কেৱল পাকিস্তান-হিন্দুস্থান, হিন্দু- মুছলমানৰ বাহিৰে আন কথা নকয়। তেওঁলোকক উন্নয়নৰ কথা সুধিলে তেওঁলোকে হিন্দু মুছলমানৰ কথা কয়।
কালি আজমলৰ সভাত আজিজ খান জিন্দাবাদ বুলি ধ্বনি দিছিল, পাকিস্থান জিন্দাবাদ কোৱা নাছিল। এয়া বিজেপিৰ আইটি চেলৰ কাণ্ড বুলি ৰহমানে কয়।
মিঞা মিউজিয়ামৰ সন্দৰ্ভত তেওঁ কয়, আমি মিয়ামিউজিয়াম বিচৰা নাই। বিজেপিয়ে যদি মিউজিয়ামৰ কথা কৈ ৰাজনীতি কৰিব বিচাৰিছে তেন্তে বিজেপিৰ পিতৃস্বৰূপ চাৱালকাৰে বৃটিছলৈ লিখা মাফিনামা পত্ৰখন মিউজিয়ামত ৰখাৰ ব্যৱস্থা কৰক। যাৰ দ্বাৰা ভৱিষ্যত প্ৰজন্মই বিজেপিৰ চিন্তাধাৰা বিচাৰধাৰা কি আছিল জানিব পাৰিব।
ইপিনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালেচনা কৰি ৰহমানে হিমন্ত বিশ্ব শৰ্মাতকৈ চৰ চাপৰিৰ লোক বেছি নিভাঁজ অসমীয়া বুলি মন্তব্য কৰে। আমাৰ ল’ৰা ছোৱালী বা চৰ চাপৰিৰ লৰা ছোৱালীয়ে অসমীয়া মাধ্যমৰ স্কুলত পঢ়ে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ল’ৰা ছোৱালীয়ে কোন মাধ্যমৰ স্কুলত পঢ়ে বুলিও তেওঁ প্ৰশ্ন কৰে।
ইপিনে আছুৰ গৰ্ভত জন্ম লাভ কৰা এজিপি আৰু এজেপিকো তীব্ৰ সমালোচনা কৰে আপৰ সংখ্যালঘু মৰ্চাৰ নেতাগৰাকীয়ে।
ৰাইজে বিচাৰিলে আম আদমী পাৰ্টীয়ে অসমৰ ১২৬ টা সমষ্টিত প্ৰাৰ্থী দিব। শিৱসাগৰতো আপে প্ৰাৰ্থীত্ব দিব বুলি কয় আপৰ সংখ্যালঘু নেতাজনে।
সংবাদ মেলত তেওঁ কয়, ২১ত আপে চৰকাৰ গঠন কৰিলে নিবনুৱা সমস্যা, অসম চুক্তি আখৰে আখৰে পালন কৰা, বেদখল মুক্ত কৰা, শিৱসাগৰক পৰ্যটন নগৰী হিচাপে গঢ়ি তোলা, ঐতিহাসিক সমলসমুহ সংৰক্ষণ কৰাৰে ধৰি বিভিন্ন সমস্যা সমাধান কৰি বুলি মন্তব্য কৰে।