• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু SOP-ৰ দফা উলংঘাৰে চলিছে এন আৰ চিৰ দাবী-আপত্তি প্ৰক্ৰিয়া : আমছু

আপত্তিকাৰী উপস্থিত নথকা সত্ত্বেও আপত্তি দাখিল হোৱা ব্যক্তিক প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰাৰ অভিযোগ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 19, 2019 7:49 pm
AAMSU PressMeet

আমছুৰ সংবাদমেলৰ দৃশ্য। ১৯ মে'ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চূড়ান্ত হ’বলৈ মাজত মাত্ৰ আঢ়ৈ মাহতকৈও কম দিন আছে। এনে সময়ত দাখিল হোৱা ভুৱা আপত্তিৰ বিষয়টোৱে সমগ্ৰ প্ৰক্ৰিয়াটোত বেমেজালিৰ সৃষ্টি কৰাৰ আশংকাই দেখা দিছে।

ইয়াৰ সমান্তৰালকৈ বহু আকাংক্ষিত এন আৰ চি প্ৰক্ৰিয়াটোত কৰ্তৃপক্ষৰ বাবেই যথেষ্ট খাম-খেয়ালিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ য়ুনিয়ন চমুকৈ আমছুৱে।

Apply Now

দেওবাৰে গুৱাহাটীৰ মুখ্য কাৰ্য্যালয়ত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে সংবাদমেল সম্বোধন কৰি উচ্চতম ন্যায়ালয়ৰ অজ্ঞাতেই এন আৰ চি কৰ্তৃপক্ষই প্ৰক্ৰিয়াটোক অন্য ধৰণে আগুৱাই নিয়া বুলি গুৰুতৰ অভিযোগ তোলে।

ইয়াৰ ফলত সাধাৰণ ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হ’ব লগীয়া হোৱা বুলি আমছুৰ উপদেষ্টাগৰাকীয়ে দাবী কৰিছে।

“উচ্চতম ন্যায়ালয়ে ২০১৮ চনৰ ১ নৱেম্বৰত অনুমোদন জনোৱা SOP/ Modalities-ৰ কিছু দফাৰ লগতে ন্যায়ালয়ৰ কেইবাটাও নিৰ্দেশনা উলংঘা কৰি দাবী-আপত্তিৰ আৱেদন নিষ্পত্তি প্ৰক্ৰিয়া চলাই আছে। যাৰ ফলত সাধাৰণ ৰাইজ বহু সমস্যাৰ সন্মুখীন হৈ আহিছে। দাবী-আপত্তিৰ আৱেদন গ্ৰহণৰ সময়ৰ পৰা শুনানিলৈকে উচ্চতম ন্যায়ালয়ক অন্ধকাৰত ৰাখি অন্যায়ভাৱে কৰ্তৃপক্ষই সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিছে”, আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে কয়।

উল্লেখ্য যে এন আৰ চি প্ৰক্ৰিয়াত সম্প্ৰতি ভুৱা আপত্তি দাখিলৰ বিষয়টো ব্যাপকভাৱে চৰ্চাত আছে। ইপিনে দেশৰ নাগৰিকত্ব আইন, ১৯৫৫-ৰ ধাৰা-১৭ অনুসৰি কোনো ব্যক্তিয়ে মিছাকৈ কাৰোবাৰ বিৰুদ্ধে আপত্তি আনিলে তেওঁ শাস্তিৰ সন্মুখীন হ’ব লাগে। কিন্তু এন আৰ চি কৰ্তৃপক্ষই ভুৱা আপত্তিকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আনিছে আমছুৱে। আপত্তি দাখিলকাৰীৰ পৰিচয় গোপনে ৰখা বিষয়টোৰো সংগঠনটোৱে তীব্ৰ বিৰোধিতা কৰে।

আমছুৱে লগতে শুনানিত আপত্তিকাৰী উপস্থিত নথকা সত্ত্বেও আপত্তি দাখিল হোৱা ব্যক্তিক নিষ্পত্তিকাৰী বিষয়াই অযথা প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰাৰো অভিযোগ আনে। সমান্তৰালভাৱে যোৱা ১১ মে’ত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই আপত্তিকাৰীৰ নাম-ঠিকনা প্ৰকাশ কৰিব নালাগে বুলি দিয়া নিৰ্দেশনাই ভুক্তভোগীক স্বাভাৱিক ন্যায় (Natural justice) পোৱাত বাধা জন্মাইছে বুলিও মন্তব্য কৰে।

ইপিনে, কিমান ব্যক্তিয়ে কিমানৰ বিৰুদ্ধে আপত্তি দাখিল কৰিছে নিয়ম অনুসৰি থাকিব লগীয়া তাৰ সঠিক তথ্য এন আৰ চি কৰ্তৃপক্ষৰ ওচৰত যে আছে তাতো সন্দেহ থকা বুলি আমছুৰ উপদেষ্টাগৰাকীৰ মন্তব্য। আপত্তি দাখিল হোৱা লোকৰ সংখ্যা ২০ৰ পৰা ২৫ লাখ হ’ব পাৰে বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে, SOP ৰ দফা-৫ অনুসৰি আপত্তিৰ কাৰণ স্পষ্টকৈ উল্লেখ কৰি শুনানিৰ অতি কমেও ১৫ দিনৰ পূৰ্বে আপত্তি দাখিল হোৱা ব্যক্তিক জাননী দিব লাগে। কিন্তু বহু ব্যক্তিয়ে শুনানিৰ দুই-তিনিদিন আগতহে জাননী লাভ কৰিছে বুলিও আজিজুৰ ৰহমানে সংবাদমেলত কয়।

শুনানিৰ পাছত আপত্তি নিষ্পত্তিকাৰী বিষয়াই কি সিদ্ধান্ত লয় সেয়া গোপানে ৰখা কাৰ্য্যক সমালোচনা কৰি ইয়াৰ দ্বাৰা প্ৰক্ৰিয়াটোৰ স্বচ্ছতাৰ ওপৰতো সন্দেহৰ অৱকাশ থকা বুলি মত প্ৰকাশ কৰে।

এন আৰ চিৰ বিসংগতি দূৰ কৰাৰ বাবে আমছুৱে ৰাজ্যিক সমন্বয়কৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ মুখ্য সচিব আৰু দেশৰ মহা পঞ্জীয়কক দাবী উত্থাপন কৰি আহিছে যদিও কোনো সুফল পোৱা নাই বুলি সংগঠনটোৱে জানিবলৈ দিয়ে। গতিকে ইয়াৰ প্ৰতিবাদত সংগঠনটোৱে অহা ২১ মে’ত নতুন দিল্লীৰ যন্তৰ-মন্তৰত দুঘণ্টীয়া ধৰ্মঘট পালন কৰিব বুলিও সংবাদমেলত সদৰী কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd