আটকাধীন আমছু নেতাক মুকলি কৰি দিয়াৰ দাবীত বিশ্বনাথত প্ৰতিবাদ, অতুল বৰাৰ প্রতিমূর্তি দাহ

biswanath AAMSU

যোৱা ১ অক্টোবৰত গোলাঘাট জিলা আমছুৰ সভাপতি প্ৰমুখ্যে ছজনকৈ আমছুৰ কর্মকর্তাক উৰিয়ামঘাট থানাৰ ভাৰপ্রাপ্ত বিষয়াই গ্রেপ্তাৰ কৰি জেললৈ প্রেৰন কৰাৰ বিৰুদ্ধে আজি বিশ্বনাথত আমছুৰ বিশ্বনাখ জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৰ কেন্দ্ৰীয় নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ চাৰিআলি পুলিচ পইন্টত ৰূপায়ন কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে আমছুৰ কর্মকর্তাসকলৰ ওপৰত চলাই থকা অত্যাচাৰ বন্ধ কৰা, গোলাঘাটৰ আৰক্ষী অধীক্ষক আৰু উৰিয়ামঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা, সংগঠনটোৰ গ্ৰেপ্তাৰ কৰা কর্মকর্তাসকলক বিনাচর্তে মোকলাই দিয়াৰ দাবী তোলে।

বিশ্বনাথ জিলা সমিতিৰ সভাপতি আমিল হক, সাধাৰণ সম্পাদকদ্বয় বাহাৰুল ইছলাম, ফকিৰ আলিয়ে নেতৃত্ব দিয়া উক্ত কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে অন্যান্য মন্ত্ৰী-আমোলাৰ ছিণ্ডিকেটৰাজ বন্ধ কৰাৰ দাবী তুলি ‘অতুল বৰা গ-বেগ’, ‘অসম চৰকাৰ হায় হায় ‘ আদি শ্ল’গানেৰে ৰাজপত উত্তাল কৰি তোলে। তদুপৰি বিশ্বনাথ চাৰিআলি পুলিচ পইন্টত তেওঁলোকে মন্ত্ৰী অতুল বৰাৰ প্রতিমূর্তি দাহ কৰে।

আজিৰ এই কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ছাইফুদ্দিন আহেমদ, বিশ্বনাথ জিলা তথা বিভিন্ন আঞ্চলিক সমিতিৰ প্ৰায় শতাধিক আমছু কৰ্মী উপস্থিত থাকে।