• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 11, 2025 7:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষৰ তৃতীয় বৃহৎ ৰাজনৈতিক দল আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৰ্দ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি দলটোৰ গণেশগুৰিস্থিত লক্ষিমীনগৰ পথৰ ৰাজ্যিক কাৰ্যালয়ত অনুস্থিত হয় ৷ দলটোৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ড০ ভৱেন চৌধুৰীৰ পৌৰহিত্যত অনুস্থিত সভাত ৰাজ্যিক বিষয়ববীয়া, জিলাসমুহৰ সভাপতি সাধাৰণ সম্পাদকসকল আৰু ভাতৃ সংগঠনৰ ৰাজ্যিক সভাপতি আৰু সাধাৰণ সম্পাদকসকল য়ে অংশগ্ৰহণ কৰে ৷

এক প্সংবাদমেল যোগেদি সভাত গ্ৰহণ কৰা সিদ্ধান্তসমুহ সদৰী কৰি ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে কয় যে, ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টীয়ে ১২৬ টা বিধানসভা সমষ্টিত অকলেই প্ৰতিদ্বন্দিতা কৰিব ৷ তেখেতে কয় যে, বিজেপি আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ দুটা পিঠি, গতিকে এই দুটা দলৰে মিত্ৰতা অসম্ভৱ ৷ সংবাদমেলত বক্তব্য আগবঢ়াই আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই কয়, আম আদমি পাৰ্টীয়ে দেশৰ প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ অৱসান ঘটাই কাম আৰু সততাৰ ৰাজনীতি প্ৰতিস্থা কৰিব বিচাৰিছে ৷ বৰ্তমানৰ দেশৰ প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাত আছে কেৱল দুৰ্নীতি – ভ্ৰষ্টাচাৰ, স্বজন – তোষণ আৰু ভুৱা প্ৰতিশ্ৰুতি ৷ কংগ্ৰেছ আৰু বিজেপি এই ব্যৱস্থাৰ দ্বাৰা বান্ধ খাই আছে ৷ গতিকে ইয়াৰ যিকোনো এটা দলেৰে মিত্ৰতা কৰা মানে আমাৰ লক্ষ্য – উদ্দেশ্যৰ পৰা আঁতৰি অহা ৷

Apply Now

বৰ্তমান অসম চৰকাৰে চলাই থকা উচ্ছেদ অভিযান সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজীব শইকীয়াই কয় যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে এই উচ্ছেদ আদানী, আম্বানী, ৰামদেৱ আৰু শ্বাহ উপাধিৰ এজন বিজেপি নেতাৰ স্বাৰ্থত কৰিছে ৷ গতিকে আপ য়ে ৰাইজৰ স্বাৰ্থত ইয়াৰ বিৰোধীতা কৰি যাব ৷ অন্যহাতে তেওঁ কয় যে, আম আদমি পাৰ্টী, অসম উন্নয়ণ বিৰোধীও নহয় আৰু উদ্যোগ স্থাপনৰো বিৰোধী নহয় ৷ কিন্তু সাধাৰণ ৰাইজৰ ওপৰত বলপ্ৰয়োগ কৰি আৰু অধিকাৰ খৰ্ব কৰি কৰা উচ্ছেদৰ আমি বিৰোধীতা কৰোঁ ৷ আমাৰ স্পষ্ট কথা — আম আদমি পাৰ্টীয়ে কৃষি ভিত্তিক ৰাজ্য অসমৰ কৃষকৰ কৃষি ভুমি সংকোচিত কৰি যিকোনো উদ্যোগ, প্ৰকল্প স্থাপন কৰিবলৈ লোৱা প্ৰস্তাৱৰ বিৰোধ কৰি যাব ৷ একেদৰে বনাঞ্চল, যুগ যুগ বসবাস কৰি থকা জনাঞ্চল, জলাশয়, পৰ্বত পাহাৰ আৰু ষষ্ঠ অনুসূচী এলেকাত চৰকাৰী উচ্ছেদ কাৰ্যৰ আম আদমি পাৰ্টী ঘোৰ বিৰোধী বুলি আপৰ নেতাজনে উল্লেখ কৰে ৷

সংবাদমেল সম্বোধল কৰি দলটোৰ ৰাজ্যিক উপ সভানেত্ৰী অনুৰূপা ডেকাৰাজা য়ে কয়, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘২১ ৰ নিৰ্বাচনী প্ৰচাৰত ঘোষণা কৰিছিল যে ভুমিহীন লোকক চৰকাৰ গঠনৰ এমাহৰ ভিতৰত মাটিৰ পট্টা প্ৰদান কৰিব ৷ সেই কাম কৰা হ’লে আজি উচ্ছেদ অভিযান অপ্ৰয়োজন হৈ পৰিলহেঁতেন ৷ ডেকাৰাজাই শীঘ্ৰে উচ্ছেদ কাৰ্য বন্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ৷

অক্টোবৰত অৰবিন্দ কেজৰীৱালৰ উপস্থিতিত গুৱাহাটীত বিশাল সমাৱেশঃ চলিত বৰ্ষৰ অক্টোবৰ মাহত অৰ্থাৎ দূৰ্গা পূজাৰ আগে পিছে আম আদমি পাৰ্টীয়ে গুৱাহাটীত এক বিশাল সমাৱেশ অনুস্থিত কৰিব ৷ এই সমাৱেশত আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰীৱালে দলৰ বুথ কাৰ্যকৰ্তা, পঞ্চায়ত কাৰ্যকৰ্তা, মণ্ডল কাৰ্যকৰ্তা আৰু জিলা কাৰ্যকৰ্তাসকলৰ লগতে অসমবাসী ৰাইজক সম্বোধন কৰিব বুলি দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই জানিবলৈ দিছে ৷

আগষ্টৰ পৰা নৱেম্বৰলৈ “ ঘৰ ঘৰ সংযোগ কাৰ্যসূচী” — অহা আগষ্ট ৰ পৰা নৱেম্বৰ মাহলৈ আম আদমি পাৰ্টীৰ কাৰ্যকৰ্তাসকলে “ ঘৰ ঘৰ সংযোগ কাৰ্যসূচী” ৰূপায়ণ কৰিব ৷ এই সময়ছোৱাত দলটোৰ কাৰ্যকৰ্তাসকল ৰাজ্যবাসীৰ ঘৰে ঘৰে গৈ দলৰ প্ৰচাৰ চলাই ৰাইজৰ আৰ্শীবাদ বিচাৰিব ৷∆ অপূৰ্ব বিকাশ দলেক ছাত্ৰ যুৱ সংগ্ৰাম সমিতি ৰ ৰাজ্যিক সাধাৰণ সম্পাদক আৰু আপৰ জ্যেষ্ঠ নেতা বল্লভ পাত্ৰক আজি কামৰূপ মহানগৰ জিলাৰ প্ৰভাৰী নিযুক্তি দিয়া হৈছে বুলি দলটোয়ে প্ৰকাশ কৰিছে ৷

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd