ঋণ লৈ দিয়া অৰুণোদয় ডাঙৰ নে দিল্লীত ৰাহি বাজেটেৰে দিয়া বিনামূলীয়া বিজুলী ডাঙৰ?-প্ৰশ্ন আপৰ

ধনী-দুখীয়া সকলোৰে বাবে বিনামূলীয়া চিকিৎসা সেৱা দিব পাৰিবনে হিমন্ত বিশ্ব শৰ্মাই?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আম আদমি পাৰ্টীৰ উত্থানত ভীষণ ভয় খাইছে। শৰ্মাৰ শেহতীয়া কেতবোৰ মন্তব্যই এই কথা প্ৰতিপন্ন কৰে। দুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই কোনো প্ৰসংগ নোহোৱাকৈ কেতবোৰ ভুল তথ্যৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক টুইটাৰত আক্ৰমণ কৰে।

দিল্লীৰ বিনামূলীয়া বিজুলীতকৈ অৰুণোদয় বহুত ডাঙৰ বুলি এক গোকাট মিছা মাতিলে মুখমন্ত্রী হিমন্ত বিশ্ব শর্মাই। অৰুণোদয় আঁচনিত এগৰাকী হিতাধিকাৰীয়ে প্ৰতি মাহে ১২৫০ টকাকৈ লাভ কৰে। দিল্লীত ২০০ ইউনিটলৈকে বিজুলী বিনামূলীয়া আৰু পৰৱৰ্তী ৩০০ ইউনিটলৈকে বিদ্যুৎ মাচুলত ৫০ শতাংশ ৰেহাই দিয়া হয়। অসমত প্ৰতি ইউনিট বিদ্যুত গড় দাম ৭ টকা বুলি ধৰিলে ২০০ ইউনিটৰ দাম হয়গৈ ১৪০০ টকা। গতিকে দিল্লীৰ প্ৰতি ঘৰ লোকে মাহে নূন্যতম ১৪০০ টকাকৈ সকাহ পাই আছে। কোনটো পৰিমাণ বেছি? ১২৫০ টকা নে ১৪০০ টকা?

লগতে পঢ়ক: মৰ্মান্তিক! সাহায্য বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ নিহত কমেও ৮৫ জন; আহত ৩০০ৰো অধিক

মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বিপথে পৰিচালিত নকৰিবলৈ আম আদমি পাৰ্টীয়ে সকীয়াই দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত বিজুলী বিনামূলীয়া কৰাৰ যে সামৰ্থ নাই, সেই কথা স্বীকাৰ কৰক। লগতে দিল্লীত যিদৰে ২৪ ঘণ্টাই বিজুলী যোগান ধৰা হয়, অসমতো কৰি দেখুৱাওক। এই দাবী আম আদমি পাৰ্টীৰ।

আনহাতে, অৰুণোদয় আঁচনি সকলোৰে বাবে নহয়। কিন্তু দিল্লীত ধনী-দুখীয়া সকলোৱে বিনামূলীয়া বিজুলী লাভ কৰে। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰিছে। কিন্তু দিল্লীৰ বিনামূলীয়া বিজুলী হৈছে এখন দক্ষ চৰকাৰে নিজৰ লাভসমূহ জনতালৈ হস্তান্তৰ কৰা এক আঁচনি। মুখ্যমন্ত্ৰী শৰ্মাই ঋণ লৈ অৰুণোদয় চলাই আছে। এফালে অসমৰ ঋণৰ বোজা বাঢ়ি গৈ আছে আৰু ইয়াৰ ফলত সা-সামগ্ৰীৰ দাম বাঢ়ি গৈ আছে। ৰাইজে ত্ৰাহি-মধুসূদন দেখিছে। দিল্লীত বিনামূলীয়া বিজুলী দিয়া হৈছে ৰাহি বাজেটত।

মুখ্যমন্ত্ৰী শর্মাই আৰু এষাৰ কথা কৈছে যে আজিৰ সময়ত AIIMS স্থাপনৰ কথা ক’ব লাগে, মহল্লা ক্লিনিক নহয়। মুখ্যমন্ত্ৰীক সোঁৱৰাই দিওঁ যে দিল্লীত AIIMS কেতিয়াবাই স্থাপন কৰা হৈছিল আৰু বহুত ছুপাৰস্পেছিয়েলিটী হাস্পতাল আছে। আম আদমি পাৰ্টীয়ে গুৰুত্ব দিয়ে জনতাই বিনামূলীয়াকৈ স্বাস্থ্যসেৱা লাভ কৰিছে নে নাই। পানীলগা-জ্বৰ বা আন সৰু অসুখ হ’লে মানুহে এইমছলৈ নাযায়, ঘৰৰ ওচৰতে উন্নত মানৰ চিকিৎসা বিচাৰে। সৰু সৰু ৰোগৰ বাবে ডাঙৰ চিকিৎসালয়লৈ ৰোগীসকল নগ’লে ডাঙৰ ডাঙৰ হাস্পতালত ভিৰ কম হয় আৰু যি উদ্দেশ্যৰে ডাঙৰ ডাঙৰ হাস্পতালসমূহ স্থাপন কৰা হৈছে, সেই উদ্দেশ্যও সফল হয়।

লগতে পঢ়ক: বয়স মাত্ৰ ২৫ বছৰ! ঘৰতে মৃত অৱস্থাত উদ্ধাৰ কে-পপ তাৰকা মুনবিনৰ দেহ

হিমন্ত বিশ্ব শৰ্মাই জানি থোৱা ভাল যে প্ৰতিটো স্তৰৰ হাস্পতাল বা ক্লিনিকৰ নিজ নিজ স্থানতে গুৰুত্ব আছে। দিল্লী চৰকাৰে ধনী-দুখীয়া সকলোৰে বাবে যেনেকৈ ডাঙৰ-সৰু সকলো ৰোগৰ চিকিৎসা বিনামূলীয়া কৰিছে, অসম চৰকাৰে তেনে সুবিধা অসমবাসীক দিব পাৰিবনে? এই প্ৰশ্নৰ উত্তৰ অসমবাসীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছে।

আম আদমি পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা আজিৰ সংবাদমেলত অংশ গ্ৰহণ কৰে আপ-অসমৰ উপ-সভাপতি লক্ষ্মীকান্ত ডুবে আৰু ৰাজ্যিক মুখপাত্ৰ হেমন্ত ফুকন আৰু ৰাজ্যিক মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতাই।