ক্ৰছ ভোটিঙতো ভাগ্য সলনি নহ‘ল বিজেপিৰ; দিল্লী পৌৰনিগমৰ মেয়ৰ পদত জয়ী আপ প্ৰাৰ্থী

দিল্লী পৌৰনিগমৰ মেয়ৰৰ পদত বিজয়ী মহেশ খিচি। ফটোঃ সংগ্ৰহীত।

বিধানসভা নিৰ্বাচনলৈ আৰু কেইমাহমান বাকী। তাৰ পূৰ্বে অনুশীলন যুঁজত জয়ী হৈছে আম আদমী পাৰ্টি। আপৰ প্ৰাৰ্থীয়ে পুনৰ দিল্লী পৌৰনিগমৰ মেয়ৰৰ পদত জয়লাভ কৰে। কিন্তু জয়ী হ’লেও দলীয় কাউন্সিলাৰৰ ক্ৰছ ভোটিঙৰ বাবে চিন্তিত হৈ থাকিব অৰবিন্দ কেজৰিৱাল। তদুপৰি এই নিৰ্বাচনত জয়ৰ ব্যৱধানো কম।

২০২২ চনত দিল্লী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হয়। সেইবাৰ আপে ১৩৪খন আসনত জয়লাভ কৰে। বিজেপিয়ে জয়লাভ কৰে ১০৪খন আসনত। কংগ্ৰেছে লাভ কৰে ৯খন আসন। দিল্লী পৌৰ নিগম আইন অনুসৰি মেয়ৰৰ পদ প্ৰথম বছৰৰ বাবে মহিলাৰ বাবে সংৰক্ষিত। পিছৰ বছৰ অনুসূচিত জাতি-জনজাতিৰ বাবে।

লগতে পঢ়কঃ বিশ্বকাপৰ কোৱালিফাইং মেচত মেছিৰ আৰ্জেণ্টিনাক পৰাস্ত কৰি চমক পেৰাগুৱেৰ

ইয়াৰ পূৰ্বে শ্বেলী অবেৰয় আপৰ মেয়ৰ আছিল। এইবাৰ নিৰ্বাচনত আপে মহেশ খিচিক মনোনীত কৰে। বিজেপিয়ে মনোনীত কৰে কিষাণ লালক। দিল্লী মেয়ৰ নিৰ্বাচনত কাউন্সিলাৰৰ লগতে সাংসদ, উপ-ৰাজ্যপালৰ প্ৰতিনিধি আৰু দিল্লী চৰকাৰৰ নিৰ্বাচিত প্ৰতিনিধিয়ে ভোটদান কৰিব পাৰে।

বৃহস্পতিবাৰে নিশা ভোটদানৰ ফলাফলৰ পিছত দেখা যায় যে আপৰ প্ৰাৰ্থীগৰাকীয়ে ১৩৩টা ভোট লাভ কৰে। বিজেপিয়ে ১৩০টা ভোট লাভ কৰে। দুটা ভোট বাতিল ঘোষণা কৰা হয়। ভোট বৰ্জন কৰে ৭ গৰাকী কংগ্ৰেছৰ কাউন্সিলাৰে।

লগতে পঢ়কঃ পুনৰ হ্ৰাস পালে টকাৰ মূল্য, ডলাৰৰ হিচাপত সৰ্বনিম্ন; ট্ৰাম্পৰ প্ৰত্যাৱৰ্তনতে ভাৰতীয় মুদ্ৰাৰ পতন?

সামান্য ব্যৱধানত জয়লাভ কৰাৰ পিছত পৌৰসভাৰ ভিতৰতে জয় ভীম শ্লোগানেৰে আপ কাউন্সিলাৰসকলে পৰিৱেশ উত্তাল কৰি তোলে। ইফালে, মেয়ৰ নিৰ্বাচনত পৰাজয়ৰ পিছতে বিজেপিয়ে উপ-মেয়ৰ পদৰ প্ৰাৰ্থী প্ৰত্যাহাৰ কৰে। ফলত আপ শিবিৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে এই পদত জয়লাভ কৰে।