অসমত এতিয়া চৰকাৰ চলি আছে নে নাই ইয়াৰ অস্তিস্ব বিচাৰি পাবলৈ নাই। বজাৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চৰা দাম প্ৰতিদিনে বাঢ়িয়েই আছে। অথচ ইয়াক ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰিব যে লাগে, সেই দায়িত্বও পাহৰি গৈছে। খাদ্য আৰু অসামৰিক যোগান বিভাগটোৰ অস্তিত্ব বিচাৰি পাবলৈ নাই। এই ভাষ্য আম আদমি পাৰ্টী (আপ)ৰ।
এক সংবাদমেল সম্বোধন কৰি আপ-আসমৰ সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় যে অসমত যি হাৰত আলু, পিয়াঁজ, মিঠাতেল, দাইলৰ লগতে আন আন সামগ্ৰীৰ দাম বাঢ়িবলৈ লৈছে, দুখীয়া মানুহে সেইবোৰ ইতিমধ্যে কিনিব নোৱাৰা অৱস্থা হৈছে। বহুত মানুহে পিয়াঁজ খাবলৈ বাদ দিবলৈ বাধ্য হৈছে।
মিঠাতেল কেৰাহীত দিয়াৰ আগতে দহবাৰ ভাবিবলগীয়া হৈছে! ইয়াৰ পাছতো সৰ্বানন্দ সোণোৱাল চৰকাৰ নিৰ্বিকাৰ হৈ বহি আছে। কেন্দ্ৰৰ বিজেপি চৰকাৰে জনবিৰোধী কৃষি আইন বলবৎ কৰি আলু, পিয়াঁজ, খোৱা তেল, দাইল, চাউল আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰপৰা আঁতৰাই দিলে।
সেয়ে এই সামগ্ৰীসমূহৰ দাম তড়িৎ গতিত বৃদ্ধি পাবলৈ ধৰিছে। সামগ্ৰী মজুতকৰণৰ পূৰ্বৰ নিষেধাজ্ঞা বিজেপি চৰকাৰে উঠাই দিয়াত অসাধু ব্যৱসায়ীয়ে উৎসতে সামগ্ৰীৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি দাম বঢ়াই দিব পৰা হোৱাত সূল্যবৃদ্ধিয়ে আকাশ চুইছেগৈ। এফালে কেন্দ্ৰীয় চৰকাৰে দেশৰ দুখীয়া জনতাক ৰাম টাঙোন সুধাইছে আৰু আনফালে অসমত সোণোৱাল চৰকাৰখনে শীতনিদ্ৰাত থাকি জনতাক জ্বলা-কলা খুৱাইছে।
যোৱা ২৭ ছেপ্টেম্বৰত মাননীয় ৰাষ্ট্ৰপতিয়ে কৃষি বিধেয়ক তিনিখনত চহী কৰিছিল। সেই দিনাৰ পাছতে আজিলৈকে বজাৰত আলুৰ দাম ২৮ শতাংশ বৃদ্ধি পালে। পিয়াঁজৰ দাম এই মাহটোৰ ভিতৰত বৃদ্ধি পালে ৬৭.৫ শতাংশ। যোৱা ২৭ ছেপ্টেম্বৰত গুৱাহাটীত আলু আৰু পিয়াঁজৰ পাইকাৰী দাম আছিল প্ৰতি কিলোত ক্ৰমে ৩৬ টকা আৰু ২৬ টকা।
কিন্তু এই পাইকাৰী দাম ২৫ অক্টোবৰত হয়গৈ প্ৰতি কিলোত ক্ৰমে ৩৯ টকা আৰু ৬৪ টকা। মিঠাতেলৰ দাম প্ৰতি লিটাৰত ডেৰশ টকা হৈছেগৈ। মচুৰ দাইলৰ দামো প্ৰতিকিলোত ৯০ টকা, মগু দাইল ১২০ টকা। কৰ’না মহামাৰীৰ সময়ত সাধাৰণ মানুহৰ উপাৰ্জন নোহোৱা হোৱাৰ মাজতে বিজেপি চৰকাৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰি চৰম দায়িত্বহীনতাক প্ৰমাণ কৰিলে।
ডাঃ চৌধুৰীয়ে অভিয়োগ কৰে যে, সোণোৱাল চৰকাৰখনে পাহৰি গৈছে চৰকাৰ আৰু দলৰ মাজৰ পাৰ্থক্য। এতিয়া মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া বা আন আন মন্ত্ৰীসকলে চৰকাৰৰ মুৰব্বী বা সেৱক হিচাপে কথা নকয়। তেওঁলোকে ভাষণ দিয়ে বিজেপিৰ মুখপাত্ৰৰ দৰে। সেয়ে এতিয়া তেওঁলোকৰ মুখত মোগলৰ আক্ৰমণ, আজমল সভ্যতা, মিঞা মিউজিয়ামৰ দৰে সাম্প্ৰদায়িক কথা-বতৰাৰ পয়োভৰ।
ইফালে, বিজেপি চৰকাৰখনে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবে যোৱা পাঁচ বছৰত একো কামেই নকৰিলে বুলি অভিযোগ কৰে আম আদমি পাৰ্টীয়ে। State Innovation and Transformation Aayog (SITA) নামৰ সংস্থাটোৰ এক প্ৰতিবেদন মতে ২০১৪ চনৰপৰা ২০১৮ চনলৈ অসমত নিবনুৱাৰ হাৰ ২.৫ শতাংশৰপৰা ৭.৯ শতাংশলৈ বৃদ্ধি পাইছে।
একে সময়তে দেশৰ নিবনুৱাৰ বৃদ্ধিৰ হাৰ আছিল ৩.৪ শতাংশৰপৰা ৬.১ শতাংশলৈ। অৰ্থাৎ সোণোৱাল চৰকাৰে এই পাঁচ বছৰীয়া কাৰ্যকালত অসমক এখন ‘বেকাৰ’ ৰাজ্যলৈ পৰ্যবসিত কৰিলে। অসম চৰকাৰে ৮৬ হাজাৰ নিযুক্তি দিছে বুলি সততে দাবী কৰি আহে যদিও বাস্তৱত ই সম্পূৰ্ণ বিপৰীত। ২০১৮-১৯ বৰ্ষত প্ৰধানমন্ত্ৰীৰ Employment Generation Programme (PMEGP)ৰ অধীনত ২৯,৮৯৬ জনে চাকৰি পালেও ২০১৯-২০ বৰ্ষত নিযুক্তি পোৱা লোকৰ সংখ্যা মাত্ৰ ৭,৫৭৬ জন। যিটো সমগ্ৰ দেশৰ ভিতৰতে কম।
অসমত শিক্ষিত নিবনুৱাৰ সংখ্যা ১৬,৯৯,৯৭৭ জন আৰু বিজেপিয়ে দাবী কৰে যে তেওঁলোকৰ চৰকাৰে ৮৬ হাজাৰক চাকৰি দিছে। অৰ্থাৎ মুঠ নিবনুৱাৰ মাত্ৰ ৫ শতাংশকহে সংস্থাপন দিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰখনে। বাকী ৯৫ জনক সোণোৱাল চৰকাৰে অন্ধকাৰ ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে।
এনে এখন অদক্ষ চৰকাৰে পাঁচবছৰীয়া ম্যাদ শেষ কৰিবৰ সময়ত ৰাইজক কামৰ খটিয়ান দিব নোৱাৰাটোৱেই স্বাভাৱিক। সেয়ে তেওঁলোকৰ মুখত নাই জনতাক সকাহ দিয়াৰ কোনো আঁচনি, আছে মাথো মোগলৰ আক্ৰমণ, আজমল সভ্যতা, মিঞা মিউজিয়ামৰ দৰে কেতবোৱ নিকৃষ্ট কথা-বতৰা।
শাসনাধিস্থিত দলটোৰ লগতে চৰকাৰখনেও ধৰ্মীয় মেৰুকৰণেৰে পৰৱৰ্তী নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে যদিও জনতাই এই কৌশল ভালদৰে বুজি পাইছে। এই মন্তব্য আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ চৌধুৰীৰ।