• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ বিৰোধিতা ‘আপ’ৰ; ৰাজ্যত স্কুল ড্ৰপ আউটৰ সংখ্যা বৃদ্ধিতো উদ্বেগ মনোজ ধানোৱাৰৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 16, 2024 5:33 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

” অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি তথা মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধিৰ প্ৰকোপৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জীৱন দায়িনী ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰৰ এনে জনবিৰোধী সিদ্ধান্তই নিম্ন আয়ৰ ৰোগীৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি ল’ব। যি সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ চৰকাৰী চিকিৎসালয় সমূহত বিনামূলীয়া ঔষধ যোগান দিয়াত ব্যৰ্থ হৈছে সেই সময়ত চৰকাৰে ৮ বিধ অতি প্ৰয়োজনীয় ঔষধৰ দাম ৫০ শতাংশলৈ বৃদ্ধি কৰি জনসাধাৰণৰ বাবে আতংক সৃষ্টি কৰিছে। আম আদমী পাৰ্টিয়ে ঔষধৰ মূল্যবৃদ্ধি অবিলম্বে প্ৰত্যাহাৰ কৰাৰ লগতে চৰকাৰী হাস্পতালত পৰ্যাপ্ত পৰিমাণে বিনামূলীয়া ঔষধ যোগানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাওঁ ।” আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে হঠাতে চৰকাৰে ঔষধৰ মূল্য বৃদ্ধি কৰাৰ বিৰুদ্ধে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তদুপৰি আপৰ নেতাগৰাকীয়ে অসমৰ চৰকাৰী হাস্পতালৰ শোচনীয় অৱস্থা সন্দৰ্ভত কয়,” ৰাজ্যৰ নিম্ন উপাৰ্জনৰ দৰিদ্ৰ ৰোগী সকলৰ একমাত্ৰ ভাৰসা চৰকাৰী চিকিৎসালয়। কিন্তু এই সমূহত প্ৰয়োজনীয় চিকিৎসক, লেবৰেটৰী আৰু পৰ্যাপ্ত ঔষধৰ ব্যৱস্থা নাই। সেয়েহে দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো মহল্লা ক্লিনিক স্থাপনৰ জৰিয়তে ৰোগীৰ বিনামূলীয়া আৰু উন্নত মানৰ চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা উচিত। ”
আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা স্কুল ড্ৰপ আউট বা বিদ্যালয় এৰা শিক্ষাৰ্থীৰ বিষয় সন্দৰ্ভতো আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

শেহতীয়া তথ্য অনুসৰি অসমত স্কুল ড্ৰপ আউট শিক্ষাৰ্থীৰ সংখ্যা ৮.৪৯ শতাংশলৈ বৃদ্ধি পাইছে। এই সন্দৰ্ভত ধানোৱাৰে কয়, ” বিভিন্ন অজুহাতত চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধ কৰি চৰকাৰী শিক্ষাখণ্ডলৈ দুৰ্দিন কঢ়িয়াই আনিছে। বছৰৰ পিছত বছৰ ধৰি শিক্ষক সকলক অশৈক্ষিক কাম-কাজত জড়িত কৰাই ৰাখিছে। এনে সময়ত ড্ৰপ আউট শিক্ষাৰ্থী বৃদ্ধিৰ হাৰ সচেতন ৰাজ্যবাসীৰ বাবে উদ্বেগৰ বিষয়। আমি আম আদমী পাৰ্টিয়ে অসম চৰকাৰক শিক্ষা খণ্ডৰ উন্নয়নৰ স্বাৰ্থত দিল্লী চৰকাৰৰ মডেল গ্ৰহণ কৰিবলৈ আহ্বান জনাও। দিল্লীৰ আপৰ চৰকাৰে যিদৰে চৰকাৰী স্কুলত বিশ্ব মানৰ শিক্ষা প্ৰদান কৰিছে, অসমতো একেধৰণৰ বিদ্যালয় স্থাপন আৰু সা সুবিধা প্ৰদান কৰিলে নিশ্চয় আধাতে স্কুল এৰা শিক্ষাৰ্থীৰ সংখ্যা নাইকিয়া হ’ব। অসম চৰকাৰে প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ বাবে কোটি কোটি টকাৰ পুঁজি আবন্টন দিছে, এনে সময়ত ড্ৰপ আউট ছাত্ৰ- ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাটো চিন্তনীয় বিষয়। তদুপৰি যি সময়ত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে, সেই সময়ত মাতৃভাষা মাধ্যমৰ স্কুল বন্ধ কৰা বা হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰাৰ তথ্য দুৰ্ভাগ্যজনক। ”

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd