• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত বিজেপি চৰকাৰৰ ৮ বছৰত ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা

মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ আপৰ নেত্ৰী অনুৰূপা ডেকাৰজা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2024 2:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ধিঙত ১৪ বছৰীয়া স্কুলীয়া ছাত্ৰীগৰাকীৰ দলবদ্ধ বলাৎকাৰৰ ঘটনাত জড়িত সকলক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এজন অভিযুক্তৰ মৃত্যু হৈছে। কিন্তু চৰকাৰ বা প্ৰশাসনে বলাৎকাৰৰ বলি ধিঙৰ কিশোৰীগৰাকীক ন্যায় প্ৰদানত ব্যৰ্থ হৈছে। ” আজি গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই এই মত ব্যক্ত কৰে ।

আপৰ নেত্ৰী গৰাকীয়ে কয়,” ৰাজ্যখনত ধাৰাবাহিক ভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ, অত্যাচাৰ, বলাৎকাৰ আদিৰ ঘটনাই চৰম পৰ্যায় পাইছে। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অলপতে দাবী কৰিছে যে অসমত পূৰ্বতকৈ ধৰ্ষণ বা বলাৎকাৰৰ ঘটনা পূৰ্বতকৈ হ্ৰাস পাইছে। অথচ চৰকাৰী তথ্য মতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে শাসনভাৰ লোৱাৰ পাছত ২০২১ বৰ্ষত ১,৭৩৩ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। ২০২২ বৰ্ষত ১,১১৩ টা, ২০২৩ বৰ্ষত ৯৮৯ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়নভূক্ত হৈছিল। আনহাতে চলিত বৰ্ষত, অৰ্থাৎ ২০২৪ চনৰ জুলাই মাহলৈকে ৫৮০ টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে। তাৰ পিছতো কমেও ২৫ টা ঘটনা সংঘটিত হৈছে। কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেও ব্যক্ত কৰিছে যে বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছৰ পৰা ধিং কাণ্ডলৈকে ২৩ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। এনে অৱস্থাত ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী আৰু তেওঁৰ আৰক্ষী বিভাগৰ ব্যৰ্থতা স্পষ্ট হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ গৃহ বিভাগ তথা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে। পূৰ্বে সংঘটিত ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধে প্ৰশাসনে ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এনেধৰণৰ অবাঞ্চিত ঘটনাবোৰ ব্যাপক হাৰত বৃদ্ধি পাইছে।”

আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই ৰাজ্যত সংঘটিত মহিলাৰ বিৰুদ্ধে অপৰাধ সন্দৰ্ভত কয়, “তথ্য অনুসৰি অসমত বিজেপি চৰকাৰৰ দিনত বিগত আঠ বছৰত মুঠ ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। পূৰ্বৰ সোনোৱাল চৰকাৰৰ দিনত ১৩,৮২২ টা ধৰ্ষণৰ ঘটনাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত সংঘটিত হৈছে ৪,৪৪০ টা ধৰ্ষণৰ ঘটনা। উল্লেখ্য যে ধিঙৰ দলবদ্ধ বলাৎকাৰৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক প্ৰতিবাদ হৈছে। আমি আম আদমী পাৰ্টিয়েও এই জঘন্য অপৰাধত লিপ্ত সকলৰ কঠোৰতম শাস্তি দাবী কৰিছোঁ। মাথোঁ ধিং কাণ্ডই নহয়, একে সময়তে ৰাজ্যৰ অন্যান্য প্ৰান্তত সংঘটিত ধৰ্ষণৰ অভিযুক্ত সকলকো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদানৰ দাবী জনাইছোঁ। বিগত কেইটামান দিনৰ ব্যৱধানত শদিয়া, বিহপুৰীয়া, যোগীঘোপা, নাওবৈচাৰ চিলনীবাৰী বাগিচা, ডিফু, তিনিচুকীয়া, হোজাই, লখিমপুৰ, চিৰাং, তামোলপুৰ, তিতাবৰ, মুছলপুৰ মঙলদৈ, বিশ্বনাথ চাৰিআলি, গৌৰীপুৰ আৰু মাজুলীত সংঘটিত বলাৎকাৰৰ অভিযুক্ত সকলৰ বিৰুদ্ধেও ক্ষিপ্ৰতাৰে ন্যায়িক ব্যৱস্থাৰ জৰিয়তে কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। কিন্তু বলাৎকাৰৰ ঘটনাক লৈ হিন্দু – মুছলমান ৰাজনীতি অথবা ধৰ্মীয় মেৰুকৰণৰ অপচেষ্টাৰ আমি বিৰোধিতা কৰিছোঁ। বলাৎকাৰত জড়িত থকা অভিযুক্তৰ ক্ষেত্ৰত ধৰ্ম বা জনগোষ্ঠীৰ প্ৰসংগৰে একাংশ ৰাজনৈতিক দলে মুনাফা অৰ্জনৰ চেষ্টা কৰিছে। এয়া শুভ লক্ষণ নহয়। “

Apply Now

বলাৎকাৰৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আপৰ নেত্ৰী গৰাকীয়ে কয়,” বলাৎকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰশাসন কঠোৰ নোহোৱাৰ বাবেই বাৰম্বাৰ এনে ঘটনা সংঘটিত হ’বলৈ পাইছে। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটী বাচাওঁ, বেটী পঢ়াওঁ শ্লোগান দিছে সেই সময়তে অসমত বলাৎকাৰৰ বলি হোৱা মহিলা বা যুৱতী সকলে ন্যায় লাভৰ পৰাও বঞ্চিত হৈছে।” সংবাদমেলত অনুৰূপা ডেকাৰজাৰ সৈতে দলৰ নেত্ৰী বিমলা দেৱী, অলকানন্দা ডেকা আৰু মঞ্জু ডেকা হুছেইনো উপস্থিত থাকে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd