NORTHEAST NOW (Assamese)

অসমত ২০২১ ত অকলেই নিৰ্বাচন খেলিব AAP এ

September 18, 2020 3:50 pm · কল্পজ্যোতি শইকীয়া

২০২১ ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অকলেই প্ৰতিদ্বন্দিতা কৰিব ।

গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে দলীয় নেতৃত্বই।

দুৰ্নীতি নিবাৰণ, নিবনুৱা সমস্যা দূৰ কৰা , বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা ইত্যাদি প্ৰতিশ্ৰুতিৰে ৰাইজৰ কাষ চাপিব আম আদমী পাৰ্টীয়ে।

এই কথা ঘোষণা কৰে আম আদমী পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ডঃ ভৱেন চৌধুৰীয়ে ।

সংবাদমেলত অসম গৃহৰক্ষী সন্থাৰ কেইবাগৰাকীও সদস্যই দলটোত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

অসমৰ প্ৰায় ২৭ হাজাৰ গৃহৰক্ষী জোৱানে পৰৱৰ্ত্তী সময়ত দলটোক সহযোগিতা আগবঢ়াব বুলি আপে দাবী কৰে।

আম আদমী পাৰ্টীৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শীঘ্ৰেই অসমলৈ আহি নিৰ্বাচনী প্ৰচাৰ চলাব বুলিও তেওঁলোকে জানিব দিয়ে।

সূত্ৰ অনুসৰি অহা ডিচেম্বৰ মাহত অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল।

Related News