NORTHEAST NOW (Assamese)
অসম

ডিমৌত চাহ বাগিচা অঞ্চলত চুলাই মদ-ভাং-জুৱাৰ অবাধ প্ৰচলন : শীঘ্ৰে ব‍্যৱস্থাৰ দাবীত আছাৰ স্মাৰকপত্ৰ

Posted by: হিতোজ্বল চেতিয়া October 17, 2018 2:27 pm
Gambling

শিৱসাগৰত জিলা প্ৰশাসনে ডিমৌ আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহৰ চাহ বাগিচাবোৰত অবৈধ চুলাই মদ, দেশী-বিদেশী সুৰা, ভাং আদিৰ বিৰুদ্ধে অভিযান চলাই উচ্ছেদৰ ব‍্যৱস্থা কৰি আহিছে যদিও চাহ বাগিচা অঞ্চলবোৰত এইবোৰৰ প্ৰকোপ কমা নাই।

এই কেইদনি দুৰ্গোৎসৱৰ গইনা লৈ এইবোৰৰ প্ৰকোপ বৃদ্ধি পোৱাত সামাজিক পৰিবেশ বিনষ্ট হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ আদিবাসী ছাত্ৰ সন্থাৰ ডিমৌ আঞ্চলিকে প্ৰতিখন চাহ বাগিচাৰ অলিয়ে-গলিয়ে অবাধ গতিত চলি থকা চুলাই মদৰ ভাতী, দেশী-বিদেশী মদ-ভাং আৰু জুৱাৰ আড্ডা উচ্ছেদ কৰিবলৈ শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু ডিমৌ ৰাজহ চক্ৰ বিষয়াক একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে।

স্মাৰকপত্ৰত উল্লেখ কৰা মতে, ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত খঁৰাহাট, আঠাবাৰী, খঙীয়া, দিৰৈ, ৰাজমাই, ৰজাবাৰী, কৃষ্ণবিহাৰী, লাওজান, গোহাঁইবাৰী আদি চাহ বাগিচা অঞ্চলসমূহত দিনে-নিশাই এচাম অসাধু লোকে মদ, ভাং, জুৱা আদিৰ বেহা পাতি সামাজিক পৰিবেশ বিনষ্ট কৰি আহিছে।

স্থানীয় প্ৰশাসনে এই বিষয়টোক লৈ নীৰৱ ভূমিকা গ্ৰহণ কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছাই।

আছাৰ অভিযোগ, উক্ত বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে প্ৰশাসনক বাৰম্বাৰ দাবী জনাই আছিল যদিও স্থানীয় প্ৰশাসনে দেখিও নেদেখাৰ ভাও ধৰি আহিছে।

গতিকে ইয়াৰ পিছতো কোনো ব্যৱস্থা নল’লে আদিবাসী ছাত্ৰ সন্থাই জিলা প্ৰশাসন আৰু স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে।