NORTHEAST NOW (Assamese)

বোকাখাতত আছাৰ প্ৰতিবাদী সমদল, মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ

September 21, 2020 5:13 pm · উত্তম শইকীয়া

বোকাখাত আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাত সমষ্টিৰ এলানি সমস্যাৰ লগতে আদিবাসী সকলক জনজাতিৰ মৰ্যাদা প্ৰদানকে ধৰি ন দফীয়া দাবীৰে আজি বোকাখাতত এক প্ৰতিবাদী সমদল উলিওৱা হয়৷

বোকাখাত আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী সমদলে বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ গৈ তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰক পত্ৰ অসমৰ মুখ্য মন্ত্ৰীলৈ বুলি বোকাখাতৰ দণ্ডাধীশৰ হাতত অৰ্পণ কৰে৷

ছাত্ৰ সংগঠনটোৰ মতে আদিবাসী সকলক অতি শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদানৰ লগতে আদিবাসীৰ জাতিৰ প্ৰমান পত্ৰত চাহ বাগিছাৰ শ্ৰমিক বা টি জি এল অথবা এক্স টি জি এল লিখা বন্ধ কৰিবৰ বাবেও দাবী জনায়৷

লগতে চাহ বাগিছাৰ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১ টকা কৰা, চাহ বাগিছাৰ চিকিৎসালয়ত চিকিৎসক আৰু নাৰ্চ ৰখাৰ ব্যৱস্থা কৰা, ভুমিৰ পট্টা প্ৰদান কৰা, আদিবাসী অধ্যুসিত অঞ্চলত অবৈধ সুৰাৰ বিক্ৰী বন্ধ কৰা আৰু আদিবাসী এলেকাৰ ৰাস্তা-পদুলিৰ ব্যৱস্থা উন্নত কৰা বাবেও ছাত্ৰ সংগঠনটোয়ে দাবী জনায়৷

আদিবাসী হিতাধিকাৰী সকলৰ নামত অহা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মানত বোকাখাত সমষ্টিৰ বিভিন্ন পঞ্চায়তত চলা দুৰ্নীতি আৰু ঠিকাদাৰৰ দালালি বন্ধ কৰাৰ বাবেও ছাত্ৰ সংগঠনটোয়ে আজি দাবী জনায়৷

লগতে দুৰ্গা পূজাৰ আগে আগে চাহ বাগিছাৰ শ্ৰমিক সকলক ২০ শতাংশ বোনাছ আদায় দিবৰ বাবেও আজি দাবী জনায় বোকাখাত আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই৷

কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ আদিবাসী অধ্যুষিত অঞ্চলত ৰূপায়িত বিভিন্ন চৰকাৰী আঁচনিত চলা অবাধ দুৰ্নীতি নিয়ন্ত্ৰনত বিধায়ক হিচাবে মন্ত্ৰী অতুল বৰা ব্যৰ্থ হোৱাৰ বাবে মন্ত্ৰী গৰাকীক ধিক্কাৰ দিয়ে ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদকাৰী সকলে৷

Related News