• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত আনুষ্ঠানিকভাৱে ছাত্ৰ সন্থাক বিদায় জনালে প্ৰাক্তন শিক্ষা সম্পাদক শৰৎ হাজৰিকাই

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 29, 2020 7:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ৩০ টা বছৰ শিৱসাগৰ জিলা ছাত্ৰ সন্থাক নেতৃত্ব দিয়া সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক শৰৎ হাজৰিকাই আজি অনুষ্ঠানিকভাৱে ছাত্ৰ সন্থা ত্যাগ কৰে।

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আজি সাংবাদিকৰে হোৱা এক মত বিনিময়  অনুষ্ঠানত এই কথা ঘোষণা কৰে শৰৎ হাজৰিকাই। ছাত্ৰ সন্থাক নেতৃত্ব দিয়া এই দীঘলীয়া যাত্ৰাত তেওঁক বিভিন্ন সময়ত সহায় সহযোগিতা আগবঢ়োৱা জেষ্ঠ কনিষ্ঠ সকলো সাংবাদিকক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতেও শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বক এই দৰে সহায় সহযোগিতা আগবঢ়াই যাবলৈ অনুৰোধ জনায়।

Apply Now

মত বিনিময় অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি ড০ সৌমাৰজ্যোতি মহন্ত, সাধাৰণ সম্পাদক ইনামূল হাজৰিকা, জিলা সাংবাদিক সন্থাৰ সভাপতি সুমেশ ডেকা, সম্পাদক জয়জ্যোতি গগৈ,  ড০ উৎপল দত্ত,  সাংবাদিক খলিলুৰ ৰহমান হাজৰিকা, অতু বৰা,  অনন্ত স্মিথ, মুজাহিদ আলি, ফিৰোজ আহমেদ, মুক্তাৱ হুছেইন, ভৈৰৱ মুণ্ডা, ৰাতু কুমাৰ দাস,  মুস্তাকুৰ ৰহমান আদিকে ধৰি বহু সাংবাদিক উপস্থিত থাকে।

অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ নেতাজনে প্ৰতিগৰাকী  সাংবাদিকক একোখনকৈ ফুলাম গামোচাৰে কৃতজ্ঞতা জনায়।

উল্লেখ যোগ্য যে, ১৯৮৮ চনত শিৱসাগৰৰ ৰূপহী প্ৰাথমিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ ছাত্ৰ সন্থাৰ লগত জড়িত হৈ  শৰৎ হাজৰিকাই ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ শিৱসাগৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব পালন কৰে। ইয়াৰ পিছতে ১৯৯৩ চনত চাৰিংত অনুষ্ঠিত জিলা ছাত্ৰ সন্থাৰ অধিৱেশনত সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিছিল। সেই বৰ্ষতেই তেওঁ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে।

১৯৯৪ চনৰ জিলা ছাত্ৰ সন্থাৰ ডিমৌ অধিৱেশনত শৰৎ হাজৰিকাই সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰে আৰু চাৰিটা বছৰ এই দায়িত্ব পালন কৰাৰ পাছত ১৯৯৮ চনত সোণাৰি অধিৱেশনত পুনৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাৰে নিৰ্বাচিত হয়।

২০০২ চনৰ পৰা ২০০৫ চনলৈ তেওঁ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰে। সেই সময়তেই তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয়।

২০০৫ চনত সদৌ অসম ছাত্ৰ সন্থাৰ মৰাণ অধিৱেশনত তেওঁ সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব লাভ কৰে আৰু ২০১৫ চনৰ সদৌ অসম ছাত্ৰ সন্থাৰ দুধনৈ অধিৱেশনত আছুৰ শিক্ষা সম্পাদকৰ দায়িত্ব লয়।

সুদীৰ্ঘ সময় আছুৰ মজিয়াত থাকি জিলা ছাত্ৰ সন্থাক সন্মুখৰ পৰা নেতৃত্ব দি অহা শৰৎ হাজৰিকাই ২০২০ চনৰ দুলিয়াজান অধিৱেশনত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰিছিল আৰু আজি শিৱসাগৰ জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থা আৰু ৰূপহী প্ৰাথমিক ছাত্ৰ সন্থাৰ উপদেষ্টা পদৰ পৰা পদত্যাগ কৰি ছাত্ৰ সংগঠনটোৰ পৰা বিদায় মাগে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

September 7, 2026 7:53 am
ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

September 7, 2026 7:53 am
ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd