পেট্ৰলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি বিৰুদ্ধে আজি ৰাজ্যজুৰি আছুয়ে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে।
সদৌ গুৱাহাটী ছাত্ৰ সন্থায়েও দীঘলী পুখুৰী পাৰত এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰি মূল্যবৃদ্ধি ৰোধৰ বাবে ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।
উক্ত বিক্ষোভ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি গুৱাহাটীৰ ছাত্ৰ সন্থাৰ সভাপতি আনৱাৰ হুছেইনে কয় “অসম চৰকাৰৰ যোগান বিভাগক আমি ধিক্কাৰ দিছো। অতি সোনকালেই যদি মূল্যবৃদ্ধি ৰুদ্ধ নহয় তেনেহলে আমি ছাত্ৰ সন্থায়ে ইয়াতকৈও ভয়াৱহ কাৰ্য্যসূচী গ্ৰহণ কৰিম।”
আনহাতে উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকি আছুৰ দক্ষিণ গুৱাহাটীৰ সাধাৰণ সম্পদকে কয়, “বিজেপি চৰকাৰে সকলো ডিজিটেলাইযেশ্যন কৰাৰ আগতে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিব লাগে। বিগত ৫ বছৰে দিয়া মিছা প্ৰতিশ্ৰুতিবোৰ এতিয়া ৰাইজৰ আগত ধৰা পৰিছে। পেট্ৰল আৰু ডিজেলত ৫ টকাকৈ কমাই দিলেই ৰাজ্যবাসী কেতিয়াও সকাহ নাপায়।”
তদুপৰি পূৱ গুৱাহাটীৰ আছুৰ বিত্তীয় সম্পাদক জিতুল দাসে কয় ” বিজেপি চৰকাৰ খনে ভোটৰ ৰাজনীতি কৰিবলৈ নিৰ্বাচনৰ আগত আঁচনিৰ ওপৰত আঁচনি দিছে কিন্তু এই আঁচনি নিৰ্বাচন শেষ হলে বন্ধ কৰি দিয়া হব।কংগ্ৰেছ চৰকাৰৰ সময়তো বহুতো আঁচনি ওলাইছিল কিন্তু আঁচনি সমূহৰ মূল বৰঙণি বিজেপি চৰকাৰৰ নেতা পালিনেতা সমূয়েহে পাবলৈ সক্ষম হৈছে। হিমন্ত বিশ্ব শৰ্মায়ে ছাত্ৰ সকলক যি বুলেট দিয়া কথা কৈ আছে সেয়াও জনতাৰ তকাৰেহে দিব কিন্তু মূল্যবৃদ্ধি সন্দৰ্ভত কোনো পদক্ষেপ এতিয়ালৈকে গ্ৰহণ কৰা দেখা নগল।





