কা আন্দোলনৰ টীয়কৰ শ্বহীদ ৰাজেন বৰুৱাক প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনা শ্ৰদ্ধাৰে স্মৰণ কৰিলে আছুৱে

a Screenshot_2020-12

২০১৯ বৰ্ষৰ কা আন্দোলনৰ প্ৰথম শ্বহীদ ৰাজেন বৰুৱাৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী।

টীয়কৰ বনাইত প্ৰয়াত ৰাজেন বৰুৱাৰ গৃহত আজি আছুৰ প্ৰতিনিধি উপস্থিত হৈ পৰিয়ালক সমবেদনা জনোৱাৰ লগতে এক  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

পৰিয়াল,গঞাঁ তথা আছুৰ সদস্যসকলৰ উপস্থিতিত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰত্যাহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ।উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ২০১৯ বৰ্ষত সমগ্ৰ অসম প্ৰতিবাদমুখৰ হৈছিল।

পিছ পৰি থকা নাছিল যোৰহাট জিলাৰ টীয়কো।এই কা আন্দোলনতে দেশ হকে এই আইন ঘোৰ বিৰোধিতা কৰি নিজৰ দেহ মন অৰ্পণ কৰি ৰাজপথতে আত্মবলিদান দিছিল টীয়কৰ বনাইৰ ৰাজেন বৰুৱাই।

জাতিৰ হকে প্ৰাণ ত্যাগ কৰা এইগৰাকী ব্যক্তিক তেতিয়াই ছাত্ৰ সন্থাই আনুষ্ঠানিকভাৱে কা আন্দোলনৰ প্ৰথমজন শ্বহীদ হিচাপে ঘোষণা কৰিছিল।

কিন্তু পৰৱৰ্ত্তী সময়ত চৰকাৰখনে এই দূৰ্ভগীয়া পৰিয়ালটিক কোনো ধৰণৰ সহায় হাত আগ নবঢ়োৱাত ক্ষোভ প্ৰকাশ কৰিছে আছুৰ নেতৃত্বই।

উল্লেখযোগ্য যে এটা বছৰ অতিক্ৰম কৰাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি সকলে ৰাজেন বৰুৱাৰ পৰিয়ালক এষাৰ মাত মতাৰো সময় নহল শ্বহীদ পৰিয়ালটোৰ।

সেয়ে স্তিমিত কা আন্দোলনক পুনৰ গতি প্ৰদান কৰাৰ নিমিত্তে আছু ৰ লগতে ৩০ টা জনগোষ্ঠীয় সংগঠনে সমূহ জনসাধাৰণক পুনৰ এই আন্দোলনত জঁপিয়াই পৰি দেশ তথা জাতিক ৰক্ষা কৰিবলৈ আহ্বান জনাইছে আছুৱে।