• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শিৱসাগৰত আছুৰ গণ অৱস্থান

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , March 14, 2020 2:58 pm

2 min read

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শিৱসাগৰত আছুৰ গণ অৱস্থান
10.7k
VIEWS
Share on FacebookShare on Twitter

অসম চুক্তি উলংঘা কৰি অবৈধ হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া, সাম্প্ৰদায়িক আৰু অ-সাংবিধানিক নাগৰিকত্ব (সংশোধনী) আইন বলপূৰ্বকভাৱে জাপি দিয়া কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী সিদ্ধান্তৰ প্ৰতিবাদত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাই শিৱসাগৰ নগৰত এক গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

দিনৰ ১১ বজাৰ পৰা ১ বজালৈ পালন কৰা এই কাৰ্যসূচীত আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ বুঢ়াগোহাঁই, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিপাংকৰ শইকীয়া, সাধাৰণ সম্পাদক জিপম বৰাকে ধৰি শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে।

আছুৰ সদস্যসকলে ”কা’ আমি নামানো, সাম্প্ৰদায়িক বিজেপি চৰকাৰ হায় হায়, বিজেপি গ’ বেক, নিমাতী কন্যা সৰ্বানন্দ সোনোৱাল হায় হায়,  নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়, ‘আমি কেন্দ্ৰৰ বিজেপি চৰকাৰক সকিয়াই দিব বিচাৰিছো যে, তেওঁলোকে অসমীয়া ৰাইজৰ আৱেগ অনুভূতিক নস্যাৎ কৰি  বলপূৰ্বকভাৱে এটা ফেচিষ্ট সিদ্ধান্ত জাপি দিছে, সেইয়া কেতিয়াও গ্ৰহণ কৰা নহব।’

‘নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই ৰাইজক সংগঠিত কৰি ‘কা’ বিৰোধী আন্দোলনৰ ধাৰা আগবঢ়াই লৈ যাব।’ তেওঁ কয়।

তেওঁ লগতে কয়, ‘যিটো দলে আমাৰ আৱেগ অনুভূতিক নস্যাৎ কৰিছে, আমাৰ ভাষা সংস্কৃতিৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকি আনিবলৈ খুজিছে সেই দলটোক অনাগত দিনত উচিত প্ৰত্যুত্তৰ দিবলৈ আমি ৰাইজক আহ্বান জনাইছো।’

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd