ৰাষ্ট্ৰীয় ঘাইপথ শীঘ্ৰে মেৰামতি কৰাৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুই ডিব্ৰুগড়ৰ চাউলখোৱাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে আছুৰ কৰ্মকৰ্তাই গ্ৰহণ কৰা পথ অৱৰোধ কাৰ্যসূচীৰ বাবে চাবুৱাৰ বিন্ধাকাতা হাইস্কুলত পূৰ্ব নিৰ্দ্ধাৰিত এক কাৰ্যসূচীত পলমকৈ উপস্থিত হ’বলগীয়া হয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো যোৱা কেইবা মাহ ধৰি জৰাজীৰ্ণ হৈ আছে। যাৰ বাবে উক্ত পথছোৱাৰে চলাচল কৰোতে জীয়াতু ভুগিবলগীয়া হৈ আহিছে সাধাৰণ জনতা।
’৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে। শোচনীয় পথৰ বাবে যিকোনো সময়তে ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। শীঘ্ৰে পথটো মেৰামতি কৰি দিয়াৰ দাবীত আজি আমি এই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছো।‘ এইদৰে আছুৰ এজন নেতাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
মন কৰিবলগীয়া যে ডিব্ৰুগড়ৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাউলখোৱা আৰু নালিয়াপুল এলেকাৰ ভগা পথছোৱা ৩০ ঘণ্টাৰ ভিতৰত মেৰামতি কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক যোৱা ৪ জুলাইতে মুখ্য মন্ত্ৰী সোণোৱালে নিৰ্দেশ দিছিল।
এই প্ৰসংগত ডিব্ৰুগড় আছুৰ সভাপতি শংকৰ জ্যোতি বৰুৱাই ক্ষোভ প্ৰকাশ কৰি কয়, ‘মুখ্য মন্ত্ৰী সোণোৱালে এই পথছোৱা পৰিদৰ্শন কৰি ৩০ ঘণ্টাৰ ভিতৰত মেৰামতি কৰি দিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক নিৰ্দেশ দিছিল। কিন্তু বিভাগীয় কৰ্তৃপক্ষই মুখ্য মন্ত্ৰীৰ নিৰ্দেশক সম্পূৰ্ণৰূপে অমান্য কৰা পৰিলক্ষিত হৈছে। তাৰোপৰি ইয়াৰ পাছত আমি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰদান কৰিছিলো। ইয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰা বাবেই আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো’।
ইয়াৰ উপৰি তেওঁ কয়, ‘প্ৰতিবাদী কাৰ্যসূচীৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে অহা ১৮ মাহৰ ভিতৰত ডিব্ৰুগড়ৰ পৰা বৰবৰুৱালৈ যোৱা ৩৭ নংৰাষ্ট্ৰীয় ঘাইপথছোৱা সম্পূৰ্ণৰূপে মেৰামতি কৰি দিব বুলি আমাক লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু ইয়াৰ বাবে ৩২ কোটি টকা মোকলাই দিয়া বুলিও জানিবলৈ দিয়ে’।