NORTHEAST NOW (Assamese)

কা বাতিলৰ দাবীত মাৰ্ঘেৰিটাত আছুৰ মটৰচাইকেল ৰেলি

August 21, 2020 6:26 pm · মানস প্ৰতিম গগৈ

সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধন আইন, ২০১৯ বাতিলৰ দাবীত মাৰ্ঘেৰিটাত শুকুৰবাৰে এক মটৰচাইকেল সমদল বাহিৰ কৰে।

আইনখন বাতিলৰ দাবীত ৰাজ্যজুৰি চলা আন্দোলন বিগত কেইবামাহ ধৰি স্তিমিত হৈ থকাৰ পাছত আজি পুনৰ মাৰ্ঘেৰিটাত আছুৰ উদ্যোগত সৰৱ হৈ উঠিছে।

যি সময়ত নাগৰিকত্ব সংশোধনী আইনৰ গুৰি ধৰোঁতা সকলে ৰাজনৈতিক হিচাপ-নিকাচত ব্যস্ত হৈ আছে তেনে সময়তে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত আছুৰ সদস্য সকলে অংশ গ্ৰহণ কৰি কা আইন বিৰোধী বিভিন্ন শ্লগানেৰে মাৰ্ঘেৰিটাৰ পৰিৱেশ উত্তাল কৰি তোলে।

মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্তু গগৈৰ নেতৃত্বত প্ৰায় শতাধিক কৰ্মকৰ্তাই উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ পৰা এই মটৰ চাইকেলেৰে সমদল বাহিৰ কৰে।

সমদলটোৱে ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ মাৰ্ঘেৰিটাৰ সদাব্যস্ত বজাৰ এলেকাৰ লগতে উপকণ্ঠ লিডু অঞ্চল পৰিভ্ৰমণ কৰে।

প্ৰতিবাদী সমদলটোৱে কা আমি নামানো, কা বাতিল কৰিব লাগিবই, বাংলাদেশী গ’ বেক আদি বিভিন্ন ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

Related News