দলীয় নেতৃত্বৰ খোৱা-কামোৰা আৰু লবী কেন্দ্ৰিক সংঘাতে ইতিমধ্যে জুৰুলা কৰা প্ৰদেশ কংগ্ৰেছত এইবাৰ পুনৰ নিলম্বিত কংগ্ৰেছী দুলু আহমেদ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ যুঁজ।
ৰিপুন বৰাৰ পৰিয়ালক দুলু আহমেদে হত্যাৰ ভাবুকি দিয়া বুলি দিচপুৰ থানাত গোচৰ দিয়াৰ বিপৰীতে এয়া সম্পূৰ্ণ ভিত্তিহীন আখ্যাৰে মান হানি গোচৰ তৰাৰ কথা ঘোষণা দুলু আহমেদৰ।
এই সন্দৰ্ভত আজি নিলম্বিত নেতা দুলু আহমেদে মহানগৰৰ ভঙাগড়স্থিত হোটেল প্লাজা ইনত এক সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে অন্য নেতৃত্বৰ বিৰুদ্ধে সৰব হৈ পৰে দুলু আহমেদ।
সংবাদমেলত আহমেদে কয় ‘আজি পদত্যাগ কৰাৰ কথা আছিল যদিও অন্য এটা দিশ অহাৰ বাবে পদত্যাগ নকৰিলো। হোটেল গেটৱেত হোৱা ক’ৰ কমিটিত দুটা সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। মিত্ৰতা সন্দৰ্ভত আলোচনা হোৱাৰ লগতে দলৰ পৰা নিলম্বন হোৱাসকলৰ নিলম্বন প্ৰত্যাহাৰ কৰিব লাগে। এই দুটাৰ ওপৰত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভুপেন বৰাই বক্তব্য ৰাখিছিল।‘
‘ৰিপুন বৰাক সাংবাদিকে যেতিয়া সুধিলে তেতিয়া কৈছিল যে দুলু আহমেদৰ বিষয়টো বিচাৰাধীন হৈ আছে। কিন্তু সেই দিনাৰ নিশাই ৰঞ্জন বৰাৰ নাম লৈ প্ৰফুল্ল বৰাই স্পষ্টীকৰণ দিলে যে দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰ হোৱাক লৈ কোনো সিদ্ধান্ত হোৱা নাই বা বহিস্কাৰ কৰাৰ কথাহে চলি আছে।‘ দুলু আহমেদে অভিযোগ কৰি সংবাদমেলত কয়।
ইপিনে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আহমেদৰ বিৰুদ্ধে গোচৰ দিয়া কথাটো উল্লেখ কৰি আহমেদে কয় ‘দুলু আহমেদে হোৱেটছএপ যোগে ৰিপুন বৰাৰ পৰিয়ালক হত্যাৰ ভাবুকি দিছে। তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। মই তেনেকুৱা কোনো হত্যাৰ ভাবুকি দিয়া নাই। তেওঁ প্ৰমাণ দিয়ক মই হত্যাৰ ভাবুকি দিছো নে নাই।‘
তেওঁ আৰু কয় ‘এজাহাৰ কপিত উল্লেখ থকা অনুসৰি হোটেল গেটৱেত ক’ৰ কমিটিৰ বৈঠক চলি থকাৰ মাজতে দুলু আহমেদে কিছুমান গুণ্ডাবাহিনী পঠিয়াই দিছিল। ৰিপুন বৰাৰ ঘৰৰ সন্মুখত গৈ গুণ্ডাবাহিনীটোৱে ৰিপুন বৰা মুৰ্দাবাদ, গ’ বেক ধ্বনি দিয়া বুলি উল্লেখ আছিল।‘
‘তেওঁৰ ঘৰৰ বাহিৰত যিসকল গৈছিল সেইসকল হাজো আৰু গুৱাহাটীৰ হয়। ৰিপুন বৰাৰ ঘৰৰ বাহিৰত এটা শান্তিপূৰ্ণভাৱে ৰিকুৱেষ্ট কৰিবলৈ গৈছিল। দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰ কৰক আৰু ৰিপুন বৰা জিন্দাবাদ ধ্বনি দিছিল।‘ আহমেদে লগতে কয়।
ইপিনে, ৰিপুন বৰাই তেওঁৰ বিৰুদ্ধে বিৰুদ্ধে ভুৱা এজাহাৰ দাখিল কৰিছে বুলি দাবী কৰি সংবাদমেলত আহমেদে কয় ‘কাইলৈ দিচপুৰ আৰক্ষীয়ে মোক মাতিছে। ৰিপুন বৰাই মোৰ ওপৰত ভূৱা গোচৰ কিয় দিব? মই আইনী যুঁজ কৰিম। তেওঁৰ বিৰুদ্ধে মান হানি গোচৰ দিম। এজন প্ৰাক্তন প্ৰশাসনিক বিষয়া, অধিবক্তা হৈ এনেদৰে ভুৱা এজাহাৰ দিয়াটো কেৱল ময়েই নহয়, তৃণমূল কৰ্মীয়েও সহ্য নকৰে।‘
‘ভূৱা কথাৰে ৰিপুন বৰাই দল চলাই আছে। গতিকে তেওঁৰ নেতৃত্বত কংগ্ৰেছৰ কোনো ভৱিষ্যত নাই। ৰিপুন বৰাৰ নেতৃত্বত ২১ ত কোনো কাৰণতে চৰকাৰ গঠন কৰিব নোৱাৰে।নিৰ্বাচনলৈ মাজত মাথো ৬ মাহ। নিৰ্বাচনত পুনৰ কংগ্ৰেছ পৰাজিত হ’ব আকৌ ৰিপুন বৰাই ব্যৰ্থ হোৱা বুলি পদত্যাগ পত্ৰ দিব। তেওঁ তেনেকৈ সাৰি যাব কিন্তু বিমোৰত পৰিব কংগ্ৰেছ কৰ্মীসকল।‘ আহমেদে লগতে কয়।
আনহাতে, উক্ত সংবাদমেলতে ৰিপুন বৰালৈ দুলু আহমেদৰ প্ৰত্যাহ্বান ‘ৰিপুন বৰাই প্ৰমাণ দিয়ক মুৰ্দাবাদ ধ্বনি দিয়া বুলি মই মোৰ পদত্যাগ পত্ৰ ৰাজহুৱা কৰিম আৰু দাখিল কৰিম। যদি তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিব নোৱাৰে তেন্তে তেওঁ স্ব-ইচ্ছাৰে পদত্যাগ কৰিব লাগিব।‘
দুলু আহমেদৰ মতে ‘এই এজাহাৰ দিয়াৰ একমাত্ৰ কাৰণেই হ’ল দুলু আহমেদৰ বিৰুদ্ধে দিল্লীত AICC ৰ আগত অভিযোগ দিব। ৰিপুন বৰাই নিজৰ চকীখন বচাবৰ কাৰণে ৰকিবুল হুছেইনৰ শৰণাপন্ন হৈছে।‘
ইপিনে, খিলঞ্জীয়া মুছলমানৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে ষড়যন্ত্ৰ ৰচনা কৰা বুলি আওপকীয়াকৈ উল্লেখ কৰি সংবাদমেলত হিমন্ত বিশ্ব শর্মাৰ প্ৰসংগ দাঙি ধৰে দুলু আহমেদে।
‘হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কৈছিল যে কংগ্ৰেছত থকা খিলঞ্জীয়া মুছলমানসকলক খেদাই থকা হৈছে। তাৰ এটা উদাহৰণ মই। তাৰ প্ৰতিক্ৰিয়া ৰিপুন বৰাই প্ৰকাশ কৰিব লাগিছিল যদিও নকৰিলে। কংগ্ৰেছত ৬০ লাখ খিলঞ্জীয়া মুছলমানৰ ভোট আছে।‘ দুলু আহমেদে এইদৰে কয়।
ইপিনে, কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মিত্ৰতা ব্যক্তিগতভাৱে সমৰ্থন নকৰে দুলু আহমেদে। উজনি অসমত কোনো বিধায়কে এই বিষয়টো সমৰ্থন নকৰে বুলি আহমেদে দাবী কৰে।