সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসম জুৰি কাইলৈ খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰিব।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি সদৌ অসম ছাত্ৰ সন্থাই ১৯ ফেব্ৰুৱাৰিত ৰাজ্যজুৰি বিক্ষোভ কাৰ্য্যসূচী পালন কৰিব।
গেছ চিলিণ্ডাৰ, পেট্ৰ’ল-ডিজেল, মিঠাতেল, পিয়াঁজকে আদি কৰি খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধত ব্যৰ্থ হোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সন্থাই এই সামগ্ৰী সমূহ সন্মুখত লৈ প্ৰতিখন জিলাৰ প্ৰতিখন আঞ্চলিকতে ৰাতিপুৱা ১১ বজাৰ পৰা প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিব।
‘‘বৰ্তমান ৰাজ্যৰ বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি হৈছে। পেট্ৰ’ল-ডিজেলৰ লগতে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ ৰাইজ জুৰুলা হৈ পৰিছে,’’ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই বিক্ষোভ কাৰ্য্যসূচী ঘোষণা কৰি এইদৰে কয়।
ৰাজ্যৰ যোগান বিভাগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলিও আছু নেতৃত্বই সমালোচনা কৰে।