NORTHEAST NOW (Assamese)

মোদীৰ ভ্ৰমণৰ সময়তে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ সাজু আছু

February 8, 2019 1:04 pm · কল্পজ্যোতি শইকীয়া
গুৱাহাটীৰ শ্বহীদ ন্যাসত বৃহস্পতিবাৰে আছুৰ সংবাদেমল। ফটো : নৰ্থইষ্ট নাও

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ দিনাটোতে অসমৰ প্ৰতিখন জিলা, মহকুমা আৰু আঞ্চলিকৰ ৰাজহুৱা স্থানত ক’লা পতাকা লৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিব সদৌ অসম ছাত্ৰ সন্থাই। তদুপৰি, কাইলৈ আছুৱে ৰাজ্যজুৰি মোদীৰ প্ৰতিমূর্তি দাহ কৰিব। আজি শ্বহীদ ন্যাসত এক সাংবাদমেল যোগে এই কথা ঘোষণা কৰে আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

আনহাতে, সমূহ জিলা, মহকুমা আৰু আঞ্চলিক কমিটিয়ে আজি অসমত মোদী উপস্থিত হোৱাৰ লগে লগে যিকোনো মুহূৰ্ততে য’তে ততে জাতিধ্বংসী বিধেয়কৰ প্ৰতিলিপি দাহ কৰিব।

সাংবাদমেলত ৩০ টা জনগোষ্ঠীয় সংগঠনৰ হৈ সকীয়াই দি ভট্টাচাৰ্যই কয় যে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ জালাঞ্জলি দি এই জাতিধ্বংসী বিধেয়ক কেতিয়াও অসমৰ মানুহে কোনো পৰিস্থিতিত গ্ৰহণ নকৰে।

তেওঁ লগতে কয়, “অসমৰ সকলো শ্ৰেণীৰ জনমতক তাচ্ছিল্য কৰি প্ৰধান মন্ত্ৰী মোদীয়ে এই বিধেয়ক লোকসভাত গৃহীত কৰিছে।”

আনহাতে, জাতিধ্বংসী এই বিধেয়কৰ বিৰুদ্ধে ৰাজ্য জুৰি আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে আছুৰ নেতাজনে।

Related News