NORTHEAST NOW (Assamese)

প্ৰাক্তন আছু নেতা মুনীন্দ্ৰ কুমাৰ ডেকাক ৰাজহুৱা আদ্যশ্ৰাদ্ধৰে শ্ৰদ্ধাঞ্জলি

February 9, 2021 8:08 pm · এন ই নাও নিউজ
মুনীন্দ্ৰজ্যোতি উন্মোচনৰ সময়ত

নলবাৰী জিলা উন্নতি সভাৰ উপ-সভাপতি, বৰবৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা নলবাৰী জিলাৰ বিভিন্ন অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত মুনীন্দ্ৰ কুমাৰ ডেকাৰ আদ্যশ্ৰাদ্ধ আজি দিনজোৰা কাৰ্যসূচীৰে বৰবৰীৰ খাটা-ধমধমা গাঁৱত অনুষ্ঠিত হৈ যায়।

বৰবৰী থান উন্নয়ন সমিতি আৰু বৰবৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বৃহত্তৰ বৰবৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ সহযোগত অনুষ্ঠিত হোৱা আদ্যশ্ৰাদ্ধৰ স্মৃতিচাৰণ সভাত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট সাহিত্যিক ডঃ কৰৱী ডেকা হাজৰিকা, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ লগতে সাধাৰণ সম্পাদক অক্ষয় ডেকা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজুদ্দিন আহমেদ আৰু ভালে সংখ্যক ছাত্ৰ-কৰ্মী আৰু গুণমুগ্ধ।
প্ৰাক্তন ছাত্ৰনেতা চন্দন চক্ৰৱৰ্তীয়ে সঞ্চালনা কৰা অনুষ্ঠানটিত উপস্থিত থাকি জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল ডেকা, প্ৰাক্তন ছাত্ৰনেতা ভূপেন বৰুৱা, বৰবৰী হাইস্কুলৰ প্ৰধান শিক্ষক মনোৰঞ্জন শৰ্মাই প্ৰয়াত মুনীন্দ্ৰ কুমাৰ ডেকাৰ লগত কটোৱা পুৰণি স্মৃতি ৰোমন্থন কৰি তেখেতৰ কৰ্মৰাজিক কিদৰে আদৰ্শ হিচাপে লৈ আজিৰ প্ৰজন্মক আগবঢ়াই লৈ যাব পাৰি সেইসন্দৰ্ভত বিশদ বিশ্লেষণ আগবঢ়ায় ।

অনুষ্ঠানত ‘মুনীন্দ্ৰজ্যোতি’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰি বিশিষ্ট সমাজসেৱক গণেশ তামুলীয়ে তেখেতৰ স্মৃতিযুগমীয়া কৰাৰ বাবে অনুষ্ঠান এটি আৰম্ভ কৰিব বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বিগত ২৮ জানুৱাৰিত প্ৰাক্তন আছু কৰ্মী গৰাকীয়ে ইহ সংসাৰৰ পৰা বিদায় মাগিছিল।

মৃত্যুৰ সময়ত মুনীন্দ্ৰ কুমাৰ ডেকাই মাতৃ, পত্নীৰ লগতে দুগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যায়।

Related News