DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নিৰ্বাচনৰ বতৰত খেলপথাৰক ‘ইজি মানি’ৰ আহিলা কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে

ৰাতিটোৰ ভিতৰতে ৬০০ শতাংশ বৃদ্ধি খানাপাৰা খেলপথাৰৰ ভাৰা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 25, 2019 8:13 pm
খানাপাৰাৰ পশু-চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ। ফটো নৰ্থ-ইষ্ট নাও

খানাপাৰাৰ পশু-চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ। ফটো নৰ্থ-ইষ্ট নাও

438
VIEWS
Share on FacebookShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনক এক সুৱৰ্ণ সুযোগ হিচাপে গ্ৰহণ কৰি ‘কোৰোনাৰে ধন চপোৱাৰ’ অভিযানত নামি পৰিছে খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়। নিৰ্বাচনৰ প্ৰাকক্ষণত বিশ্ববিদ্যালয়খনে ইয়াৰ বিশাল খেলপথাৰখনক ৬০০ শতাংশ অধিক হাৰত ৰাজনৈতিক দলক সভা পাতিবলৈ এৰি দিছে।

অহা মঙলবাৰে (২৬ ফেব্ৰুৱাৰিত) গুৱাহাটীত উপস্থিত হ’ব লগীয়া কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ বহুমুখী ক্ৰীড়া প্ৰকল্পত দলীয় কৰ্মীসকলক সম্বোধন কৰিব।

ইয়াৰ বাবদ অসম প্ৰদেশ কংগ্ৰেছে বৰ্ধিত দৰত ভাৰা দিব লগীয়া হৈছে কৃষি বিশ্ববিদ্যালয়ক। ৰাহুল গান্ধীৰ সভা অনুষ্ঠিত কৰাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰদেশ কংগ্ৰেছৰ পৰা লৈছে ১,২০,০০০ টকা।

বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক তথা ক্ৰীড়া প্ৰকল্পটোৰ তত্ত্বাৱধায়ক ৰঞ্জীত নেওগে আজি নৰ্থ-ইষ্ট নাওক জনোৱা মতে অসম প্ৰদেশ কংগ্ৰেছে দৈনিক ৬০,০০০ টকা দৰত দুদিনৰ বাবে অনুষ্ঠানস্থলী ‘বুক’ কৰিছে।

উল্লেখযোগ্য যে ৰাজনৈতিক সমাৰোহ আনকি বিবাহ আদি অনুষ্ঠানৰ বাবেও পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ হৈছে আটাইতকৈ বাঞ্ছিত স্থান। ইয়াৰে গইনালৈ কৃষি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই বৰ্তমানৰ নিৰ্বাচনী বতৰৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি খেলপথাৰখনৰ ভাৰা ৬০০ শতাংশ বৃদ্ধি কৰে। পূৰ্বে ইয়াৰ ভাৰা আছিল দৈনিক ১০,০০০ টকা।

“অৱশ্যে ভাৰা আকাশলংঘী কৰি দিয়া সত্ত্বেও খেলপথাৰখন ল’বলৈ হেতা-ওপৰা লাগিছে” বুলি উল্লেখ কৰি নেওগে কয় যে কংগ্ৰেছৰ লগতে শাসনাধিষ্ঠিত বিজেপিয়েও ইতিমধ্যে লোকসভা নিৰ্বাচনৰ বাবে (পাৰ্কিং ব্যৱস্থাৰ সৈতে) অস্থায়ী হেলিপেড স্থাপনৰ বাবে আবেদন কৰিছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীক ভাৰতৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ সপোনৰ বিপৰীতে কেৱল কম সময়তে টকা ঘটাৰ স্বাৰ্থত অসম কৃষি বিশ্ববিদ্যালয়ে ইয়াৰ খেলপথাৰখনক সম্পূৰ্ণ বিধ্বস্ত কৰি পেলাইছে।

বিগত দিনসমূহত ৰাজ্যৰ কেইবাগৰাকী ক্ৰিকেটাৰে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰাজ্যৰ ভিতৰতে অন্যতম উৎকৃষ্ট খেলপথাৰখনক ৰাজনৈতিক সভা, মেলা তথা প্ৰদৰ্শনী আদি পতাৰ নামত ধ্বংস কৰি পেলালে বুলি অভিযোগ কৰিছিল। বৰ্তমান খেলপথাৰখনত কাচিতহে ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত হয়।

পূৰ্বতে কৰা এখন আৰ টি আই আৱেদনৰ উত্তৰত ৰঞ্জিত নেওগে খানাপাৰাৰ উক্ত খেলপথাৰখনৰ ধ্বংসৰ বাবে বিজেপি আৰু কামৰূপ (মহানগৰ) জিলা প্ৰশাসনক দায়ী কৰিছিল।

“অসম বিজেপিৰ মাটি পেলোৱা কামৰ বাবে ২০১১ চনত উদ্বোধন কৰা খেলপথাৰখনৰ উচ্চমানৰ ক্ৰিকেট পীচ্ছ দুখন এতিয়া খেলিব পৰা অৱস্থাত নাই”, নেওগে নৰ্থ-ইষ্ট নাওৰ আগত খেলপথাৰখনৰ দুৰৱস্থাৰ বাবে শাসনাধিষ্ঠিত দলটোক দোষাৰোপ কৰি কয়। নেওগে আনকি খেলপথাৰখনৰ বাউণ্ডেৰি ৱালখনৰ ধ্বংসৰ বাবেও বিজেপি দায়ী বুলি মন্তব্য কৰিছিল যিখন এই পৰ্যন্ত ঠিক কৰা হোৱা নাই।

যদিও বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যোৱা বৰ্ষৰ বাজেটত ১ কোটি টকাৰ পুঁজি আবণ্টন দিয়া বুলি শলাগ লৈছিল, এতিয়াও খেলপথাৰৰ ভঙা বেৰ মেৰামতি নহ’ল।

ক্ৰীড়াৰ সৈতে সম্পৰ্ক নথকা কাম-কাজ বন্ধ কৰাৰ বাবে কোনোধৰণৰ দায়বদ্ধতা নেদেখুৱাই খেলপথাৰখনক মুকলিকৈ (তাকো আকাশলংঘী দামত) ৰাজনৈতিক মেল-মিটিঙৰ বাবে এৰি দিয়া কাৰ্যই গুৱাহাটীক ক্ৰীড়াৰ এটা উল্লেখযোগ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ মুখ্য মন্ত্ৰীৰ সপোনক ধূলিসাৎ কৰিব।

Recent News

Sanjay Raut

সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ: ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি

Wild Elephant

কলিয়াবৰত শোকাকুল পৰিবেশ: দুদিন ধৰি বোকাত পৰি থকা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

”আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব” : ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

”আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব” : ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

Sharath Kamal Commonwealth Games

বাৰ্মিংহামত শৰৎ কমলৰ স্বৰ্ণিল যাত্ৰা: চিংগলছত জয়েৰে অৰ্জন তৃতীয়টো স্বৰ্ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd