এবিএমছুৰ মুকলি সমৰ্থনত কোকৰাঝাৰত সম্ভাৱনা বৃদ্ধি “হীৰা” ওৰফে নৱ শৰণীয়াৰ

Naba Saraniya

অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ পিছত সংবাদ মধ্যমৰ আগত সাংসদ নৱ শৰণীয়া।

কেইবা কোণীয়া জটিল নিৰ্বাচনী সমীকৰণৰ সমষ্টি কোকৰাঝাৰত এবিএমছুৱে মুকলি সমৰ্থন ঘোষণা কৰাৰ পিছতে নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ পাল্লা ভাৰী হোৱাৰ পথত। যোৱা নিশা সদৌ বড়োলেণ্ড সংখ্যালঘু ছাত্ৰ সংস্থা (এমছু)ই শৰণীয়ালৈ সমৰ্থন আগ বঢ়াই মুকলিকৈ ঘোষণা কৰিছিল।

সংগঠনটোৰ নেতৃত্বই কয় যে নিৰ্বাচন সম্পৰ্কত স্পষ্ট নিৰ্দেশনা নোহোৱা বাবে সংগঠনটোৰ একাংশই কংগ্ৰেছ, বি পি এফ বা অন্যান্য ৰাজনৈতিক দল, প্ৰাৰ্থীক সমৰ্থন কৰি থকা দেখা গৈছিল। সংগঠনটোৰ নাম লৈ সংগঠনৰ কিছু সংখ্যক প্ৰাক্তন বা বহিষ্কৃত নেতাই ৰাজনৈতিক প্ৰচাৰ কৰাটো গৰিহণা দিয়ে সংগঠনটোৰ নেতৃত্বই। লগতে এনে কামৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

ইপিনে নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াই এবি এমছুৰ পৰা সমৰ্থন লাভ কৰাৰ পিছতে যথেষ্ট সকাহ অনুভৱ কৰে। তেওঁ ছাত্ৰ সংগঠনটোক তেওঁলোকে আগবঢ়োৱা সমৰ্থনৰ বাবে ধন্যবাদো জনায়।

নৱ শৰণীয়া ওৰফে হীৰা ৫ নং লোকসভা সমষ্টিটোৰ বৰ্তমানৰো সাংসদ। যোৱাবাৰ তেওঁ প্ৰায় চাৰে তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হৈছিল।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় শৰণীয়াই ৬,৩৪,৪২৮ ভোট লাভ কৰিছিল। দ্বিতীয় স্থানত থকা আনজন নিৰ্দলীয় প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই ভোট পাইছিল ২৭৮৬৪৯টা। বি পি এফৰ চন্দন ব্ৰহ্ম ২৪৩,৭৫৯টা ভোটেৰে তৃতীয়ত ৰৈছিল।

বি পি এফে এইবাৰ প্ৰমীলাৰাণী ব্ৰহ্মক থিয় কৰোৱাৰ উপৰি য়ু পি পি এল (United People’s Party Liberal)ৰ পৰা উঠিছে যোৱাবাৰ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি দ্বিতীয় স্থানত ৰোৱা উৰ্খাও গৌৰা ব্ৰহ্ম, কংগ্ৰেছে টিকট দিছে শব্দৰাম ৰাভাক। এ আই য়ু ডি এফে ইতিপূৰ্বে উৰ্খাও গৌৰা ব্ৰহ্মলৈ সমৰ্থন ঘোষণা কৰিছিল।

সমষ্টিটোত অহা ২৩ এপ্ৰিলত তৃতীয় পৰ্য্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। মুঠ ভোটাৰ আছে ১৭,৪৮,৮৬৫গৰাকী।